
ধিংঃ পৰিৱৰ্তন আৰু দুৰ্নীতিমুক্তৰ সপোন দেখুৱাই বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰ খনে শাসনৰ বাঘজৰী হাতত লৈ অসমত ব্যাপক উন্নয়ন আৰু দুৰ্নীতিমুক্ত হোৱা বুলি ফটা ঢোল বজাই আহিছে যদিও ইয়াৰ নগ্ন ছবি খন চৰকাৰৰ প্রতিটো বিভাগত দেখিবলৈ পোৱা যায়। বিশেষকৈ বিজেপি চৰকাৰৰ গড়কপ্টানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ গড়কপ্টানি বিভাগত চূৰান্ত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আহিছে।
নগাওঁ জিলাৰ অন্তৰ্গত ৮৩ নং বটদ্ৰৱা বিধানসভা সমষ্টিত এখন নিৰ্মীয়মান পকী দলঙত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ এক গুৰুত্বৰ অভিযোগ উখাপন হৈছে। ডিমৌ-ৰাইডঙীয়া গড়কাপ্তানি পথৰ সোনাই নদীৰ ওপৰৰ নিৰ্মীয়মান দলঙৰ কাম সম্পূৰ্ন নৌহওঁতেই এতিয়া চপৰা চপৰে খহিছে দলংখনৰ দুয়ো পাৰ। ২০১১ চনতে কেন্দ্ৰীয় চৰকাৰৰ NLCPR অধীনৰ অাঁচনিৰ প্ৰায় অাঢ়ৈ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ নিৰ্মাণৰ সময়সীমা অাছিল দুবছৰ।
কিন্তু সেইসময়ৰ কংগ্ৰেছ চৰকাৰৰ সমষ্টিটোৰ বিধায়ক গৌতম বৰাৰ অাশীৰ্বাদপুষ্ট দুৰ্নীতিকাৰী ঠিকাদাৰ খগেন গায়নে কংগ্ৰেছ চৰকাৰৰ দিনত দলংখনৰ নিৰ্মাণৰ কাম কৰা পৰিলক্ষিত নহ’ল। শেহতীয়াকৈ পৰিবৰ্তনকামী তথা দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিয়া বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত বটদ্রৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাৰ তৎপৰতাত কিছু দিনৰ আগৰ পৰা পুনৰ দলংখনৰ নিৰ্মানৰ কাম আৰাম্ভ কৰিছিল যদিও বিধায়িকাগৰাকীক অান্ধাৰত ৰাখি ঠিকাদাৰ অাৰু বিভাগীয় বিষয়া কৰ্মচাৰীয়ে ব্যাপক অনিয়ম তথা দুৰ্নীতি সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে।
দলংখনৰ দুয়োপাৰ বৰ্তমান খহি পৰাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে যদিও নীৰৱ ভূমিকা পালন কৰি অাহিছে বিভাগীয় কৰ্তৃপক্ষই৷ দলংখনত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদ্ন্ত কৰি বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে দলংখনৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
এই ক্ষেত্ৰত বিধায়িকা অাঙুৰলতা ডেকাকো স্থানীয় ৰাইজে দলংখনত সংঘটিত দুৰ্নীতিৰ আৰু অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনাইছে। বিগত সময়ত বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিৰ প্ৰতিখন সভাতে উন্নয়নমূলক কামত যাতে কোনো ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰিব নোৱাৰে, ৰাইজে যাতে কোনো ঠিকাদাৰৰ বিৰুদ্ধে কোনো অভিযোগ দিব নোৱাৰে, কামত যাতে কোনো দুৰ্নীতি আৰু অনিয়ম সংঘটিত নহয়, যদি এনেকুৱা হয় তেন্তে সেই ঠিকাদাৰ সেইটোৱেই প্রথম আৰু শেষ কাম হ'ব, এই কথা বাৰে বাৰে সকিয়াই দিছিল।
তেনেক্ষেত্ৰত ব্যাপক অনিয়ম কৰা ঠিকাদাৰৰ বিৰুদ্ধে বিধায়িকাগৰাকীয়ে কি ব্যৱস্থা হাতত লয় সময়তহে লক্ষণীয় হ’ব।