
আজাৰাঃ ই পি মিডিয়া ফৰাম চাউথ কামৰূপে আজি দিনজোৰা কাৰ্যসুচীৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ দক্ষিণ কামৰূপৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ‘অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা’ শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷
আলোচনা চক্ৰ খন উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ৰমেশ চন্দ্ৰ কলিতাই। ফৰামৰ সভাপতি ৰতন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত গুৱাহাটী প্ৰেছ ক্লৱৰ সম্পাদক নৱ ঠাকুৰীয়া, প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা, ডিৱাই-৩৬৫ৰ কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়াই উপস্থিত থাকি শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায়।
সভাত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুনজিৎ ৰায় চৌধুৰী, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্ত, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুস্বপ্না ককতি, জ্যেষ্ঠ সাংবাদিক শিৱ চৰণ কলিতাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত প্ৰাক্তন সাংবাদিক, সাহিত্যিক পৰেশ কলিতা, পুতলা নাচ শিল্পৰ জৰিয়তে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অৱণী শৰ্মাক বিশেষভাবে সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপন আদি কাৰ্যসূচী ৰূপায়ণ কৰে।