আগমণিঃ শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত ধুবুৰী জিলাত এগৰাকী টেট শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ আগমনি থানাৰ অৰ্গন্তত শেৰনগৰ গাঁৱত সোমবাৰে এগৰাকী শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ  চেষ্টা চলায়।

জানিব পৰা মতে, ৭২৬ নং এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ঝুমা দাসে তেওঁৰ স্বামী তথা একেখন বিদ্যালয়তে কৰ্মৰত শিক্ষক বিপিন বসুমতাৰীৰ লগত পাৰিবাৰিক কাজিয়াত লিপ্ত হয়।

ঝুমাই খঙতে নেপথলিন খাই আত্মহত্যাৰ চেষ্টা চলায়। ততালিকে তেওঁক আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰে আগমণি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বৰ্তমান শিক্ষয়িত্ৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতি ঘটা বুলি জানিব পৰা গৈছে।