ধুবুৰীঃ আজি শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ মুখত কালিমা সানি সংঘটিত হ’ল এক অঘটন৷ পবিত্ৰ শিক্ষক দিৱসৰ দিনাই গৌৰীপুৰৰ আশাৰীকান্দী হাইস্কুলত সম্বৰ্ধনা সভাক কেন্দ্ৰ কৰি প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ মাজত লাগিল প্ৰচণ্ড বাক-বিতণ্ডা৷

আনহাতে এই ঘটনাক কেন্দ্ৰ কৰিয়ে বিদ্যালয়ৰখনৰ ছাত্ৰৰ মাজতো মাৰপিট আৰম্ভ হয়৷ এই ঘটনাত তিনিজন ছাত্ৰ গুৰুতৰ ভাবে আহত হয়৷ গুৰুতৰ ভাবে আহত মোকদ্দেছ সৰকাৰক গৌৰীপুৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয়৷

ঘটনাৰ পাছত গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আশাৰীকান্দী অ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে৷

আনহাতে শিক্ষক দিৱসৰ দিনাই সঘটিত হোৱা এনে নজীৰবিহীন ঘটনাই সমগ্ৰ গৌৰীপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷