
তুলসীবাৰীঃ আজি সমগ্ৰ ৰাষ্ট্ৰজুৰি পালন কৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰঙিয়াৰ ইছলাম টিউচন চেণ্টাৰৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ তদুপলক্ষে পুৱাৰ ভাগত অনুষ্ঠিত কাৰ্যসুচী অনুসৰি পতাকা উত্তোলন, ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন অনুষ্ঠিত কৰা হয়৷ বিয়লি প্ৰাচীৰ পত্ৰিকা উন্মোচন তথা মুকলি অধিবেশন অনুষ্ঠিত কৰা হয়৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৰেশ্বৰ সমষ্টিৰ ই এম মহেশ্বৰ বসুমতাৰী, শিশু বিশেষজ্ঞ ডা০ এচ এম ময়দুল ইছলামৰ লগতে সাংবাদিক ইনামুল ইছলাম প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃতিত্ব অৰ্জনকাৰী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷