
কাৰ্বি আংলংঃ নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা, ধৰ্ম প্ৰচাৰক, কবি, সমাজ সংস্কাৰক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ তথা সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে যি অৱদান দি থৈ গ'ল সেইয়া অতুলনীয়৷ মহাপুৰুষজনাই সাংস্কৃতিক প্ৰমূল্য বোধেৰে একশৰণ নাম ধৰ্মৰ প্ৰচাৰেৰে অসমৰ সমাজ জীৱনক এক কৰি ঐক্য-সংহতি ৰক্ষা কৰিছিল৷
১৪৪৯ চনত জন্মগ্ৰহণ কৰা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানত আঞ্চলিক ভিত্তিত বোকাজান বিলাতী মাটি নিগমৰ আৱাসিক নামঘৰত অহা ১৩ আৰু ১৪ আহিন (ইং ৩০ ছেপ্তেম্বৰ অাৰু ০১অক্টোবৰ)ত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰা হ’ব৷ বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত গুৰুজনাৰ ৫৬৯ তম জন্মজয়ন্তী উদযাপনৰ অায়োজন কৰিছে।
কাৰ্য্যসূচী অনুসৰি ১৩ আহিন (৩০ ছেপ্তেম্বৰ)ত পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰ পাছত ৭ বজাত ধৰ্ম্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ভূপেন মাধৱ শইকীয়াই৷ ৭-১৫ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক ৰূপে উপস্থিত থাকিব বোকাজান বিলাতী মাটি নিগমৰ মহাপ্ৰবন্ধক এছ কে চাহু৷ ৭-৩০ বজাত বৃক্ষৰোপন, ৮ বজাত ভাগৱত ভ্ৰমণৰ লগতে ১১ বজাত নাম প্ৰসংগ অনুষ্ঠানত নামাচাৰ্য ৰূপে থাকিব শিৱসাগৰ জিলাৰ নৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ হীৰা মহন্ত। আনহাতে সন্ধ্যা ৬-১৫ বজাত অনুষ্ঠিত হ'ব বৰগীত, দিহানাম প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান৷ প্ৰতিযোগিতা উদ্বোধন কৰিব বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈয়ে।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতেই ৮ বজাত অনুষ্ঠিত হ'ব দিহানাম প্ৰতিযোগিতা। দিনৰ ১ বজাত ধৰ্ম্মালোচনী সভা উদ্ধোধন কৰিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধূৰ্য ঢেকিয়াল ফুকনে৷ গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ বাৰ্ষিক মুখপত্ৰ "মণিকাঞ্চন"ৰ উন্মোচক ৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং টেৰাংৰ লগতে নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকিব শিৱসাগৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ড০ ৰশ্মিৰেখা গগৈ৷
সন্ধিয়া ৬ বজাত সন্ধ্যা প্ৰসংগৰ পাছত ডোলেশ্বৰ সন্দিকৈ সোঁৱৰণত পুত্ৰ দেৱানন্দ সন্দিকৈ আৰু তেখেতৰ পৰিয়ালবৰ্গই আগবঢ়োৱা তথা স্থানীয় বোকাজান সন্মিলিত সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা সূৰ্য শইকীয়া আৰু গোলাপ বৰাৰ পৰিচালনাত "ৰক্ষ কুমাৰ" ভাওনা প্ৰদৰ্শন কৰা হ'ব৷ উক্ত দুয়োদিনৰ সমূহ কাৰ্যসূচীত গুৰুজনাৰ আদৰ্শ ৰাজি শিৰোগত কৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই জন্মজয়ন্তী অনুষ্ঠানত সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণৰে অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিৰ সভাপতি ভূপেন মাধৱ শইকীয়াৰ লগতে যুটীয়া সাধাৰণ সম্পাদক মন্টু নাথ আৰু প্ৰাণদ্বীপ চেতিয়াৰ লগতে সহকাৰী সম্পাদক ৰুবুল দিহিংগীয়াই আহ্বান জনাইছে৷
উল্লেখ্য যে, বিগত ৩২ টা বৰ্ষৰ ধাৰাবাহিকতা ৰক্ষা কৰি দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিবলৈ আগবঢ়া বোকাজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিয়ে এইবাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে৷ অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৮ বজাত অনুষ্টিত হ'ব ভাগৱত ভ্ৰমণ আৰু পোন প্ৰথমবাৰৰ বাবে এই ভাগৱত যাত্ৰা প্ৰতিযোগিতামূলক কৰা হৈছে৷
গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠানৰ লগত জড়িত ২০ খন নামঘৰৰ প্ৰত্যেক নামঘৰৰ সেৱক সেৱিকা সকলে নিজ নিজ নামঘৰৰ বেনাৰত কলা সংস্কৃতি প্ৰদৰ্শন কৰিব আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ১ম, ২য় আৰু ৩য় পুৰষ্কাৰ সমূহ প্ৰদান কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে৷