
গুৱাহাটীঃ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ শৰনীয়া কছাৰীৰ লোকসকল আজিও বঞ্চিত, অৱহেলিত৷ কেৱল আৰ্থিক, সামাজিক, ৰাজনৈতিক ফালৰ পৰা পিছ পৰি থকাই নহয়, পৰিচয়ৰ সংকটত পৰিছে ৰাজ্যৰ ভূমিপুত্ৰ শৰনীয়া-কছাৰী জনগোষ্ঠীৰ লোকসকল৷ ৰাজ্য খনৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, লখিমপুৰ, ধেমাজি, কামৰূপ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিচৰিত হৈ থকা শৰনীয়া কছাৰী লোকসকল বছৰ বছৰ ধৰি নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিব লগা হৈছে৷
শৰনীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলক নেতৃত্ব দি অহা শৰনীয়া কছাৰী ছাত্ৰ সন্থা, শৰনীয়া কছাৰী সন্মিলন, গনতান্ত্ৰিক নাৰী মঞ্চ, শৰনীয়া কছাৰী সন্মিলিত দাবী সমিতি আদি সংগঠনে আজি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শৰণীয়া কছাৰী সকলক ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা হৈছিল যদিও আজিও জনজাতিৰ প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ আহিছে লোকসকল৷
পুৰ্বে বহু কষ্ট কৰি জনগোষ্ঠীটোৰ একাংশ লোকে ট্ৰাইবেল সংঘৰ পৰা জনজাতিৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ সক্ষম হৈছিল যদিও ২০১৪ চনৰ পৰা প্ৰমাণ পত্ৰ দিয়া সম্পুৰ্ণ বন্ধ কৰি দিয়া হয় জনগোষ্ঠীটোৰ লোকসকলক৷ যাৰ ফলত জনগোষ্ঠীটোৰ লৰা-ছোৱালীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হয়৷ চৰকাৰে ষষ্ঠ অনুসূচীৰ বাবে আগবঢ়োৱা সকলো প্ৰকাৰৰ অনুদান তথা আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে৷
শৰনীয়া কছাৰী ছাত্ৰ সন্থাই ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক পুৰুষ মহিলাই দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে৷ জনজাতিয় সাজ পাৰ পৰিহিত লোকসকলে বিধান সভা অধিবেশনৰ তৃতীয় দিনটোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
আমাক অধিকাৰ লাগে, জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰক, ৰাজ্য চৰকাৰ হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি বিটিএডিত শ শ শৰনীয়া কছাৰী অধ্যুষিত গাঁও আছে যদিও জনজাতি উপ-পৰিকল্পনা আঁচনিত সংৰক্ষিত হৈয়ো হাজাৰ হাজাৰ লোকে উন্নয়ণৰ পৰা বঞ্চিত বুলি ক্ষোভ ব্যক্ত কৰে শৰনীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বই৷
শৰনীয়া কছাৰী উন্নয়ণ পৰিষদ গঠন কৰা হৈছে যদিও ৰাজ্য চৰকাৰে পুজি আৱন্টন নিদিয়া বুলি অভিযোগ কৰে৷ জনগোষ্ঠীটোক নেতৃত্ব দিয়া শৰনীয়া কছাৰী ছাত্ৰ সন্থা, শৰনীয়া কছাৰী সন্মিলন, গনতান্ত্ৰিক নাৰী মঞ্চ, শৰনীয়া কছাৰী সন্মিলিত দাবী সমিতিয়ে শীঘ্ৰে জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থ কৰা, উন্নয়ণ পৰিষদ খনক ধনৰ আৱন্টন দিয়া, পৰিষদ খনক স্বায়ত্ত শাসিত পৰিষদলৈ উন্নীত কৰাৰ দাবী জনায়৷