বৰপেটাঃ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোক৷ জনগোষ্ঠীয় পৰিচয় বিছাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে আজি বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপগ্ৰহীয় স্বায়ত্ব শাসন প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে তিনিঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷

জনগোষ্ঠী কেইটাক জনগোষ্ঠীয় মৰ্য্যদা প্ৰদানেৰে বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ লগতে ২০০৭ চনৰ ৰাষ্ট্ৰীয় সংঘৰ খিলঞ্জীয়াৰ সংজ্ঞাৰ অধাৰত গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীক চিনাক্ত কৰি জনগোষ্ঠীয় পৰিচয় দিয়াৰ দাবী জনায় সংগঠনটোৱে৷

অৱস্থান ধৰ্মঘট কাৰ্যসুচীত সংগঠনটোৰ কেন্দ্ৰীয় নেতা চহিদ আলি আহমেদ উপস্থিত থাকি বছৰ বছৰ ধৰি প্ৰতিখন চৰকাৰে প্ৰতিটো ৰাজনৈতিক দলে জনগোষ্ঠীটোক অৱহেলা কৰা বুলি ক্ষোভ ব্যক্ত কৰে৷ চহিদ আলিয়ে শীঘ্ৰে জনগোষ্ঠীটোক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ দাবী জনায়৷