
বাঘবৰঃ শৰৎ মানেই দৰদী সুখৰ বাহাৰ৷ শৰৎ মানেই ঋতুস্নাতা জোনাকৰ উজ্জল পোহৰ৷ শৰৎ মানেই শেৱালীৰ মনজুৰোৱা সুবাস৷ এই শৰততে শক্তিৰ অধিস্থাত্ৰী দেৱী মা দূৰ্গাৰ পুজা৷ কাল বিনাশিনী দেৱীৰ শ্ৰী চৰনত এপাহ ফুল প্ৰদান কৰি সকলোৱে শান্তি কামনা কৰে৷ সকলো হিন্দু ধৰ্মালম্বী লোকেই বিচাৰে মা দূৰ্গাৰ আশীৰ্বাদত এক নতুন শক্তিৰ উদয় হওক, বিনাশ হওক দুস্কৃতিৰ৷
কিন্তু শক্তিৰ দেৱীগৰাকীৰ চৰনত এপাহ ফুল গুজি প্ৰণিপাত জনাবলৈ এতিয়া সামৰ্থ নাই বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইছবপুৰৰ হিন্দু সম্প্ৰদায় লোকসকলৰ৷ বানে কোঙা কৰি থৈ যোৱা দুই হাত জুৰি শক্তিৰ দেৱীৰ ওচৰত সেৱা লবলৈ শক্তিহীন অঞ্চলটোৰ ৰাইজ৷ এপষেকৰ ভিতৰতে অহা বছৰৰ দুটা বানে সৰ্বশ্ৰান্ত কৰি থৈ গৈছে অঞ্চলটোৰ ৰাইজক৷ খাবলৈ নাই ভাত৷ পিন্ধিবলৈ নাই কাপোৰ৷ তেনে পৰিস্থিতিত দেৱাৰ প্ৰতিমা কিনি আনি পুজা-অৰ্চনা কৰিবলৈ অপৰাগ ইছবপুৰৰ হিন্দু সমাজ৷ যাৰ ফলত শক্তিৰ দেৱী গৰাকীৰ শ্ৰী চৰণত এপাহ ফুল অৰ্পণ কৰিব নোৱাৰি দুখত ভাগি পৰিছে ৰাইজ৷ দেৱীয়ে যাতে কোনো দায় দোষ নধৰি সকলোৰে মংগল সাধন কৰে, তাৰ বাবেই দূৰৈৰ পৰাই প্ৰাৰ্থনা কৰিছে এইসকল হিন্দুই৷
আনহাতে শক্তিৰ অধিস্থাত্ৰীক পুজা এভাগ আগবঢ়াব নোৱাৰাৰ দুখত ম্ৰিয়মান হৈ পৰা হিন্দু সমাজখনৰ মৰ্মবেদনা অনুভৱ কৰি ইচবপুৰৰ এইসকল দুৰ্ভগীয়া হিন্দুক সহায় কৰিবলৈ কোনো সামৰ্থবান ব্যক্তিক অনুৰোধ জনাইছে ইছবপুৰ আঞ্চলিক উন্নয়ণ সমিতিৰ সভাপতি জহুৰুল আলম আৰু সাংবাদিক আজিজুৰ ৰহমান আৰু লুতফৰ ৰহমানে৷