খাৰুপেটীয়াঃ বলাৎকাৰী বাবা ৰাম ৰহিম কাণ্ডই দেশজুৰি জোকাৰনি তোলাৰ সময়তে ভণ্ড তান্ত্ৰিক বাবা আৰু তেওৰ সহযোগী এজনে দলগাঁৱৰ চাহ বাগিচা এখনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বলপূর্বক ভাবে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। ভণ্ড তান্ত্ৰিক আৰু তেওঁৰ সহযোগী যুৱক এজনৰ কামনাৰ বলি হৈ অন্তঃসত্বা হোৱা কিশোৰীৰ পৰিয়ালে থানাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ৰৌতা থানাৰ অন্তৰ্গত নেপালী গাৱৰ ৰাধা কৃষ্ণ বৰ্মন নামৰ তান্ত্ৰিক কবিৰাজ এজনে বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছে। এইজন তান্ত্ৰিক কবিৰাজে বিশেষকৈ সহজ সৰল লোকক জৰা ফুকা কৰি সুনামো অৰ্জন কৰিছিল। সেই অনুসৰি দীৰ্ঘদিন ধৰি ৰোগত ভুগি থকা দলগাঁও থানাৰ অন্তৰ্গত বৰগৰা বাগিচাৰ নবম শ্ৰেণীৰ ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে চুবুৰীয়া বিবাহিত যুৱক সুবোধ বিশ্বাসে তেওঁৰ চিনাকি তান্ত্ৰিক বাবা ৰাধা কৃষ্ণ বৰ্মনৰ ওচৰত নিয়ে যোৱা এপ্ৰিল মাহত।

প্ৰথমদিনা তান্ত্ৰিকজনে জৰা ফুকা কৰি পুনৰ এমাহ পিছত আহিবলৈ কয়। তান্ত্ৰিকৰ নিৰ্দেশ মতে এমাহ পিছত কিশোৰী গৰাকী সুবোধ সৈতে তান্ত্ৰিক ৰাধা কৃষ্ণ বৰ্মনৰ ঘৰলৈ যায়। উক্ত দিনা তন্ত্ৰ মন্ত্ৰৰে ৰোগ নিৰাময়ৰ অজুহাতত তান্ত্ৰিক আৰু যুৱকজনে কিশোৰী গৰাকীৰ ওপৰত চলায় যৌন নিৰ্যাতন।

এই সন্দৰ্ভত প্ৰকাশ কৰিলে তন্ত্ৰ মন্ত্ৰৰে ভস্ম কৰাৰ ভাবুকি দিয়াত ৰাধা কৃষ্ণ বাবাৰ হুকুম মানি কিশোৰী গৰাকীয়ে সকলো কথা গোপনে ৰাখিছিল যদিও শেহতীয়াভাৱে ছাত্ৰী গৰাকীৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ লগতে শৰীৰৰ অবয়ব লক্ষ্য কৰি সোধ পোছ কৰাত ছাত্ৰী গৰাকীয়ে ভণ্ড তান্ত্ৰিক বাবা ৰাধা কৃষ্ণ বৰ্মন আৰু চুবুৰীয়া যুবক সুবোধৰ দুস্কাৰ্য বিষয়ে  বিবৰি কয়।

যোৱা ১ চেপ্টেম্বৰত পীড়িতাৰ পৰিয়ালে এই সন্দৰ্ভত ৰৌতা থানাত এক গোচৰ তৰে। ইফালে ভণ্ড তান্ত্ৰিক ৰাধা কৃষ্ণ বৰ্মন আৰু সুবোধ বিশ্বাস উভয়েই এতিয়া পলাতক অৱস্থাত আছে৷