গোৰেশ্বৰঃ ৰাজ্যত এতিয়া মিছন চাইনাক লৈ সৰৱ চৰ্চা৷ কাইলৈ মুক্তিলাভ কৰিবলগীয়া জুবিন গাৰ্গৰ বহুচৰ্চিত "মিচন চাইনা" নামৰ কথাছবি খনৰ প্ৰচাৰৰ বাবে আজি ৰাজ পথলৈ ওলাই আহে বাক্সা জিলাৰ গোৰেশ্বৰৰ যুৱক৷ গোৰেশ্বৰৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাশতাধিক যুৱক ওলাই আহি পদযাত্ৰা কৰি মিছন চাইনাৰ প্ৰচাৰ চলাই৷

জুবিন ফেন ক্লাৱৰ আহ্বানত ওলাই অহা যুৱক সকলে পদযাত্ৰা কৰি গোৰেশ্বৰ অঞ্চলৰ লোকসকলক মিছন চাইনা চাবলৈ আহ্বান জনায়৷ গোৰেশ্বৰ জুবিন ফেন ক্লাৱ উদ্যোগত আজি দিনৰ ১১ বজাত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগণৰ পৰা গোৰেশ্বৰ চহৰৰ মাজেৰে কেইবাটাও পথৰে পদযাত্ৰা কৰি "মিচন চাইনা" ছবিখনৰ প্ৰচাৰ চলাই।

ইয়াৰ পূৰ্বে গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগণত বৃক্ষৰোপন কৰে মৃণাল ৰাজবংশীয়ে। কিছু দিন পূৰ্বে ৰেলীত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ অনুগামীৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হয়। জুবিনৰ সমৰ্থক সকলে মিছন চাইনা ছবিখনে অসমীয়া ছবিজগতত বিশেষ প্ৰভাৱ পেলাব বুলি দাবী কৰে। ইয়াৰ লগতে "গোৰেশ্বৰৰ পৰা যাম মিচন চাইনা চাম" লিখা বিশেষ টি চাৰ্ট পৰিধান কৰিও প্ৰচাৰ চলাই সমৰ্থক সকলে।