হোজাইঃ পৰিবৰ্তনকামী চৰকাৰৰ দিনত বাট পথৰ দুৰাৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে হোজাই বাসীক৷ উন্নয়নৰ ঢাক-ঢোল বজাই চৰকাৰখনে ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পাছতে জনসাধাৰণৰ ফালে পিঠি দিয়া হে পৰিলক্ষিত হ’ল৷ উন্নয়নৰ শ্ল’গান গোৱা চৰকাৰখনৰ এটা বঠৰ সম্পূৰ্ণ হৈ যোৱাৰ পাছতো পৰিৱৰ্তন নহ’ল কেতবোৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ বাট পথৰ দুৰাৱস্থা৷

হোজাই জিলাৰ একমাত্ৰ নগৰখনৰ জৰাজীৰ্ণ বাট পথে এতিয়া জীয়াতু ভোগাইছে নগৰবাসীক৷ ডবকা নগৰৰ ৫ নং ৱাৰ্ডৰ বাট ঘাটে সংকেত ধ্বনি বজাইছে শিশু-বৃদ্ধ সকলোলৈ৷ সেই পথেৰে বিদ্যাৰ্থী যাব নোৱাৰে স্কুললৈ৷ ৰোগীক নিব নোৱাৰি চিকিৎসালয়লৈ৷ যমদূতো পাৰ নহোৱা এনে বাট ঘাটৰ দুৰাৱস্থাৰ পাছতো চকু মুদা কুলি হৈ আছে নগৰ প্ৰশাসন কিন্বা চৰকাৰ৷

সেয়ে আজি অনিচ্ছা সত্বেও পৰিৱৰ্তনকামী চৰকাৰ আৰু নগৰ প্ৰশাসনৰ বিৰুদ্ধে ওলাই আহিল নগৰবাসী৷ আজি নগৰ খনৰ বাটপথৰ শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাই নগৰবাসী ৰাইজে চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷