08
Sep
2017

মুকালমুৱাঃ নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘আঞ্চলিক জনকল্যাণ সমিতি’ৰ উদ্যোগত আজি বিনামুলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ জিলা খনৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোৰাথালত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বিনামুলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷
সমষ্টিটোৰ অতি পিছ পৰা ঘোৰাথালত অঞ্চলত অনুষ্ঠিত কৰা বিনামুলীয়া চিকিৎসা শিবিৰত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কেবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়৷ বিনামুলীয়া চিকিৎসা শিবিৰটোত অঞ্চলটোৰ পুৰুষ-মহিলাই স্বাস্থ্য পৰীক্ষা কৰে৷