ধুবুৰীঃ ধুবুৰীৰ নিউ পানবাৰীত সংঘটিত হৈছে এক ভয়াবহ পথ দূৰ্ঘটনা৷ তীব্ৰবেগী কন্টিনাৰে মহটিয়ালে বাইক আৰোহীক৷

আজি গৌৰীপুৰৰ নিউপান বাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ প্ৰায় ১-৩০ বজাত গৌৰীপুৰৰ পৰা গুৱীহাটী অভিমুখী ML-01L-4341 নম্বৰৰ তীব্ৰবেগী কন্টিনাৰ এখনে বৰকান্দাৰ পৰা গৌৰীপুৰ অভিমূখে গৈ থকা ML-08A-5053 নম্বৰৰ গ্লেমাৰ বাইক খনত খুন্দা মাৰে৷ ফলত ধুবুৰী জিলাৰ বৰকান্দাৰ হাফিজুৰ ৰহমান নামৰ বাইক আৰোহীজন থিতাতে নিহত হয়৷

ইফালে দূৰ্ঘটনাৰ প্ৰায় এঘন্টা পলমকৈ বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰোণত্তোৰ পৰিক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰা কন্টিনাৰখন আৰক্ষীয়ে চালক সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷