08
Sep
2017

তুলসীবাৰীঃ পৰম ব্ৰহ্ম নাৰায়নৰ পূৰ্ণ অবতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উত্সৱ তৰণী মণ্ডলপাৰাস্থিত গোপাল গোসাই থান প্ৰাংগনত অহা ১৩ ছেপ্টেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ অনুষ্ঠানটোৰ পৰিচালনাৰ্থে দিলীপ ভূঞাক সভাপতি, পংকজ শীল আৰু ভৃগুমনি ৰাজবংশীক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতিও গঠন কৰা হৈছে।
তদুপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন, নামঘৰৰ দ্বাৰ উন্মোচন, নাম প্ৰসংগ আৰু ধৰ্মীয় শোভাযাত্ৰা অনুষ্ঠিত কৰা হব৷ বিয়লি চিত্ৰাংকণ প্ৰতিযোগিতা তথা নাগাৰা নাম পৰিবেশন কৰিব খ্যাতনামা পাঠিকাদ্বয় দেবযানী দাস আৰু অনিতা তালুকদাৰে৷
সন্ধিয়া বন্তি প্ৰজ্বলন তথা নিশাৰ ভাগত প্ৰসাদ বিতৰণ কাৰ্যসূচীৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব৷