দলংঘাটঃ আজি বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মদিনটোত দেওমৰনৈৰ ভূপেন হাজৰিকা ৰংগমঞ্চত নজ্বলিল এগছি বন্তিও৷ দেওমৰনৈত ২৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলোৱা ড০ ভূপেন হাজৰিকা ৰংগমঞ্চ আজি পৰিনত হ’ল ভূত বাংলালৈ৷

২০১৫-১৬ চনতে নিৰ্মান কাৰ্য আৰম্ভ কৰা ৰংগমঞ্চখন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই৷ আনহাতে আজি সুধাকণ্ঠৰ জন্মদিনটোতো এগছি চাকি জ্বলাবলৈ আহৰি নাপালে ৰংগমঞ্চৰ সমিতিখনে৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা যাঁচি নিৰ্মাণ কৰা ৰংগমঞ্চখনৰ বাবে অনুমোদন কৰা ২৫ লাখ টকা কাৰ পকেটত সোমাল বুলি এতিয়া সচেতন সকলৰ মনত প্ৰশ্নৰ উদয় হৈছে৷

আনহাতে আজি অসমীয়া জাতিৰ অভিমান স্বৰূপ শিল্পী গৰাকীৰ জন্মদিনটো দেওমৰনৈৰ বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহেৰে পালন কৰে৷ গানৰ মাজেৰে জগত সলনি কৰিব বিচৰা মহান শিল্পীগৰাকীৰ গানৰ লহৰে আজি সমগ্ৰ দেওমৰনৈ ধোৱাই পেলায়৷