08
Sep
2017

মোৰাঝাৰঃ হোজাইৰ বিন্নাকান্দি উন্নয়ণ খণ্ডৰ চামৰালি আঞ্চলিক পঞ্চায়তৰ সদস্য সাহাব উদ্দিন মজুমদাৰক বুধবাৰে ৰাইজে উস্ম আদৰণি জনালে। উল্লেখ্য যে, এক গোচৰ সংক্ৰান্তত জেলত যাবলগীয়া হৈছিল সদস্য জন, ফলত জামিনত মুক্তি লাভ কৰাৰ পিছত বুধবাৰে নিজ পঞ্চায়তত উপস্থিত হোৱাৰ লগে লগে স্থানীয় কেইবাসহশ্ৰাধিক ৰাইজ ওলাই আহি তেওঁক গামোচা আৰু ফুলৰ মালাৰে আদৰণী জনায়।
এখন সভা অনুষ্ঠিত কৰি সাহাব উদ্দিনক উস্ম আদৰণী জনাবলৈ স্থানীয় ৰাইজে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও প্ৰশাসনৰ অনুমতি লাভ নকৰা হেতু সভা বাতিল কৰিবলগীয়া হয়৷ স্থানীয় ৰাইজৰ মৰম স্নেহত আঞ্চলিক পঞ্চায়তৰ সদস্য সাহাব উদ্দিন আবেগিক হৈ পৰা পৰিলক্ষিত হয়৷
আনহাতে ৰাইজৰ মাজলৈ পুনৰ ঘুৰি আহি অনাগত প্ৰতি পল ৰাইজৰ হকে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ সকলো ৰাইজৰ সহযোগীতা বিছাৰে পঞ্চায়তৰ সদস্যগৰাকীয়ে৷