জোনাইঃ অসমত সদ্য ঘোষিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি দিয়াৰ প্ৰতিবাদ আজি সন্ধিয়া জোনাইত ABSU ধেমাজি জিলা সমিতিৰ উদ্যোগত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ সমগ্ৰ অসমত চাৰিশৰো অধিক তথা ধেমাজি জিলাত বিশ জন নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে।

প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি নচলিব, আমাৰ দাবী মানিবই লাগিব, ABSU LONG LIVE আদি শ্লোগানেৰে জোনাই সদৰ উত্তাল কৰি তোলে।

আনহাতে চৰকাৰে যদিহে তিনিদিনৰ ভিতৰত সু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি ধেমাজি জিলা ABSU ৰ নেতৃত্বই সকিয়নী প্ৰদান কৰে৷