
মৰিগাঁওঃ পুৱাৰে পৰা ঘৰখনত ব্যাপক ব্যস্ততা৷ অঙহী-বঙহী ওচৰ চুবুৰীয়াৰে ভৰি পৰিছে ঘৰখন৷ সকলোৱে ব্যস্ত৷ ইফালে ৰন্ধা বঢ়া আনফালে কইনা সজোৱাত ব্যস্ত লোক৷ ব্যস্ততাৰ কাৰণ হ’ল ঘৰখনৰ বৰ জীয়ৰীৰ বিয়া৷
সকলো ঠিকে ঠাকে চলিছিল৷ বিয়ালৈ অহা লোকসকলক আপ্যায়ন কৰাৰ লগতে দৰা আহিবৰ সময় হোৱাত দৰাক আদৰিবলৈ সাজু হৈছিল পৰিয়ালটো৷ সন্ধিয়া হোৱাৰ লগে লগে দৰা আহি উপস্থিত হ’ল কইনাৰ ঘৰত৷ দৰা অহাৰ পাছত উখল মাখল কইনাৰ ঘৰ৷ কিছু সময় পাছতে কইনাৰ ঘৰত উপস্থিত হ’ল আৰক্ষী৷
আৰক্ষীয়ে কইনাৰ অভিভাৱকৰ সৈতে মুখামুখি হৈ এই বিয়া হ’ব নোৱাৰে বুলি কয়৷ কিয়নো আৰক্ষীয়ে পোৱা খবৰ মতে কইনাৰ বয়স মাত্ৰ ১৩ বছৰ৷ বাল্য বিবাহ হ'বলৈ নিদিয়াৰ কথা অৱগত কৰে আৰক্ষীয়ে৷ লগে লগে হুলুস্থুল লাগে কইনাৰ ঘৰত৷ আৰক্ষীয়ে বিবাহ বাহৰৰ পৰা ৩২ বছৰীয়া দৰাৰ লগতে কইনাৰ অভিভাৱকক থানালৈ লৈ আহে।
বিয়া ভংগ কৰি দিয়াৰ লগতে দৰাৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা লোৱা হ’ব পাৰে বুলি জানিব পৰা গৈছে৷ কিশোৰাগাৰকীৰ পিতৃ কেৰেলাৰ এটি কোম্পানীত কাম কৰি থকাৰ সময়তে মাতৃয়ে কিশোৰীগৰাকীৰ বিয়াৰ দিন বাৰ ঠিক কৰিছিল।
আৰক্ষীক বাল্য বিবাহৰ খবৰ দিছিল সততে বাল্য বিবাহৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা ইলিয়াছ ৰহমান চৰকাৰ নামৰ যুৱকজনে৷ ইলিয়াছে খৰখেদাকৈ বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত মৈৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাক ধন্যবাদ জনায়৷