08
Sep
2017

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ মধুপুৰত আজি সন্ধিয়া কেইবাটাও বনৰীয়া হাতী জনাঞ্চলত প্ৰৱেশ কৰি ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীয়ে কেইবাটাও পৰিয়ালৰ বাৰী তহিলং কৰাৰ লগতে ভঁৰাল ভাঙি লণ্ড ভণ্ড কৰে।
বনৰীয়া হাতী কেইটাই ভঁৰাল ধানৰ লগতে বাৰীৰ কলগছ খাই তহিলং কৰে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, বিগত সময়চোৱাতো সমীপৰ বনাঞ্চলৰ পৰা বনৰীয়া হাতী মধুপুৰত প্ৰৱেশ কৰি উপদ্ৰব কৰাৰ নজিৰ আছে।
কিন্তু ইয়াৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে৷ ফলত পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰব চলোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।