চৰাইদেউঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯১ তম জন্ম দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত সৰু বৰ গাড়ী মালিক সন্থাৰ উদ্যোগত আৰু চালক সন্থাৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়৷ মূলত সুধাকণ্ঠ গৰাকীৰ এই পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি অসহায় বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবেই ৰক্তদান শিবিৰ আয়োজিত কৰা হয়৷

তদুপৰি দিল্লীৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দেৱশিশু স্নিগ্ধৰাগ ভূঞাক সাহায্যৰ্থে এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি সৰু বৰ গাড়ী মালিক সন্থাই জানিবলৈ দিয়ে।