
লালুকঃ নিজৰ পাপ্যৰ বাবে যুজ দিবলৈ অংগীকাৰ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ৷ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ অন্তৰ্গত লখিমপুৰ জিলা সমিতিয়ে লালুকত দুদিনীয়াকৈ এখনি শ্ৰমিক সমাবেশ আৰু শিক্ষা শিবিৰ অনুষ্ঠিত কৰে৷
কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশ শ্ৰমিকৰ উপস্থিতিত আয়োজিত শিক্ষা আলোচনা চক্ৰত শ্ৰমিক সকল পাপ্য, কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু ঘটিলে পত্নীয়ে পাব লগা সা সুবিধা, আইনগত সুৰক্ষা আদিৰ সৰ্ম্পকত বিশদ ভাৱে আলোচনা কৰে৷ শুকুৰবাৰে সামৰণি পৰা সমাবেশৰ পুৱা শ্ৰমিক সকলে বিভিন্ন দাবী সম্বলিত শ্ল’গান দি এক সমদল উলিয়ায়৷
দুপৰীয়া অনুষ্ঠিত মুকলি সভাত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সভাপতি বদন ভূঞা, সম্পাদক মদন তালুকদাৰে অংশগ্ৰহণ কৰি বিগত সময়ত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে শ্ৰমিক সকলৰ ওপৰত এক প্ৰকাৰে শোষণ চলাইছে বুলি অভিযোগ কৰে৷ লগতে শ্ৰমিকে নিজৰ পাপ্যৰ বাবে সংগ্ৰাম নকৰিলে সদায় বঞ্চিত হৈয়ে থাকিব লাগিব বুলি উল্লেখ কৰি একগোট হৈ যুঁজ দিবলৈ আহ্বান জনায়৷
অনুষ্ঠানত লখিমপুৰ জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰভুদেৱ শৰ্মা আৰু সম্পাদক তগৰ শইকীয়া, জ্যেষ্ঠ শ্ৰমিক নেতা হেমচন্দ্ৰ গোস্বামী উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷