
ডিজিটেল ডেস্কঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে তৰুণ গগৈ৷ ১৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলৰ আয়োজন কৰি সৰ্বা চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ গগৈয়ে আজিৰ সংবাদমেলত পূৰ্বৰ বিশ্বাসী সতীৰ্থ তথা বৰ্তমান শত্ৰু ৰূপে পৰিগণিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷
সংবাদমেলত তেওঁ বৰ্তমানৰ চৰকাৰখনক বিজ্ঞাপন আৰু ফেচবুক-টুইটাৰৰ চৰকাৰ আখ্যা দিয়ে৷ ‘এইখন চৰকাৰ আচলতে বিজ্ঞাপনৰ চৰকাৰ৷ এইখন চৰকাৰে জাতি-মাটি-ভেটিৰ কথা কৈ এতিয়া ফেচবুক-টুইটাৰতে ব্যস্ত থাকে৷’-এইদৰে বিজেপি চৰকাৰখনক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ৰাইজৰ উন্নয়নৰ কথা নাভাবি আন কিবাবোৰত লাগি থকাৰ ফলত ৰাজ্যখনত সকলো ক্ষেত্ৰতে অৱনতি ঘটাত দুখ প্ৰকাশ কৰে গগৈয়ে৷ আনহাতে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত ১৩ টা বছৰেই ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা বিভাগ চম্ভালি শেষ পৰ্যন্ত দল বাগৰি বিজেপিলৈ অহা ডলাৰবগৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সংবাদসেলত সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷
বৰ্তমান চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ দৰে গুৰু বিভাগ কেইটা চম্ভালি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিচাপে ব্যৰ্থ বুলি অভিহিত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আনহাতে নগৰ উন্নয়ন মন্ত্ৰী হৈও হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতাৰ পৰিচয় দিছে বুলি অভিযোগ কৰে গগৈয়ে৷ মন্ত্ৰীগৰাকীৰ অপৰিপক্কতাৰ বাবে গুৱাহাটীৰ বাট-পথ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰা বুলিও গগৈয়ে মন্তব্য কৰে৷
আনহাতে আজি সংবাদমাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰ খনন প্ৰসংগটোক লৈও বিৰোধিতা কৰে৷ এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট নোলোৱাকৈ ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদী খনন কৰাটো কেৱল ৰাজহুৱা ধনৰ অপচয়ৰ বাহিৰে আন একো নহয় বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে৷
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্য ন্যায়ধীশ অজিত সিঙকো তীক্ষ্ন সমালোচনা কৰে৷ মুখ্য ন্যায়ধীশগৰাকীৰ কাণ্ডক নজৰবিহীন আখ্যা দিয়ে তৰুণ গগৈয়ে৷ মুখ্য ন্যায়ধীশ গৰাকীয়ে এয়াৰপৰ্টৰ পৰা আধ্যাত্মিক গুৰু ৰবিশংকৰক নিজে আনিবলৈ যোৱা কাৰ্যকো তীব্ৰ গৰিহণা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷