09
Sep
2017

বদৰপুৰঃ ৰাজ্যৰ দল-সংগঠনে অবৈধ নাগৰিকক বিতাড়ণৰ দাবীত দশক দশক ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ পথত উত্তাল কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজিও বিনা দ্বিধাই অসমত প্ৰবেশ কৰিব পাৰে বাংলাদেশৰ নাগৰিক৷
তাৰ মাজতে ৰেল আৰক্ষীয়ে আজি অভিযান চলাই বদৰপুৰত মহিলা সহ ৫গৰাকী বাংলাদেশীক আটক কৰিবলৈ সক্ষম হয়৷ আগৰতলা-শিয়ালদাহ এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে এগৰাকী মহিলা সহ ৫ গৰাকী লোকক আটক কৰে৷
বলোৰাম দাস, ৰিদয় দাস, শিমুল দাস, পৰিমল চন্দ্ৰ দাস আৰু আলো ৰানি দাসক নামৰ ৫ গৰাকী বাংলাদেশীক আটক কৰে৷ আৰক্ষীৰ সোধপোছত বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰি ৰেলযোগে অসমলৈ আহি থকা বুলি প্ৰকাশ কৰে তেওলোকে৷ বাংলাদেশৰ নোৱাখালি জিলাৰ পণ্ডিতগ্ৰাম, কোটাবাজাৰ আৰু কক্স বাজাৰৰ লোক বুলি কয় আটকাধীন বাংলাদেশী কেইজনে৷