অভয়াপুৰী/বিহালী/চাবুৱাঃ ৰাইজৰ প্ৰতিবাদৰ কোনো মূল্য নাই মদগৰ্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত৷ তাৰেই প্ৰমাণ দি ৰাজ্যত ইতিমধ্যে স্থাপন কৰা হ’ল দুখনকৈ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়৷ ২০০৮ চনতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশৰ ৩৭৪ খন জিলা শৈক্ষিক ভাবে পিছপৰা বুলি ঘোষণা কৰিছিল৷

তদুপলক্ষে এই জিলাসমূহত একোখনকৈ আদৰ্শ মহাবিদ্যালয় স্থাপনৰ কামো ২০০৮ চনতে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোনমোহন সিঙে৷ গুৰুত্বপূৰ্ণ বিষয় যে দেশৰ ৩৭৪ খন শৈক্ষিক দিশত পিছপৰা জিলাৰ ভিতৰত অসমৰ ১২ খন জিলা ক্ৰমে নগাঁও, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, তিনিচুকীয়া, শোণিতপুৰ, দৰং, মৰিগাঁও, ধুবুৰী আৰু বঙাইগাঁও জিলাও পৰে৷ 

আনহাতে ২০১০ চনত ৰাজ্যৰ তদানীন্তন শিক্ষামন্ত্ৰী গৌতম বৰাই ৰাজ্যৰ এইসমূহ জিলাত মডেল কলেজ নিৰ্মাণৰ কাম চলি থকাৰ ঘোষনাও কৰে৷ কিন্তু ইয়াৰ পাছতো বৰ্তমান চৰকাৰ শিক্ষা বিভাগ চম্ভালি থকা স্বাভিমানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিছে তেওঁ, পইচা খৰছ কৰিছে তেওঁ, গতিকে নামকৰণো হ’ব তেওঁৰ মতেই৷ আনে আৱণ্টন দিয়া মহাবিদ্যালয় নিজৰ বুলি দাবী কৰিবলৈ গৈ নিলাজ মন্ত্ৰীগৰাকীয়ে নিজৰ নিকৃষ্ট মানসিকতাৰ প্ৰমাণ দিয়ে৷ অসমক নিজৰ সম্পত্তি ৰূপে গণ্য কৰিব বিচৰা মন্ত্ৰীগৰাকীৰ এনে কাণ্ডত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয় যদিও তাক লৈ ভ্ৰুক্ষেপ নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিম্বা চৰকাৰৰ৷ 

আনহাতে অসমীয়াই কোনোদিনে নাম নুশুনা দীনদয়াল নামৰ নেতা এগৰাকীৰ নামত মহাবিদ্যালয় কেইখনৰ নামকৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বাঃ বাঃ লবলৈ চেষ্টা কৰা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই ৰাজ্যত দীনদয়ালৰ নামত মহাবিদ্যালয় স্থাপন কৰি নিজৰ মদগৰ্বী মনৰ পৰিচয় দিছে৷ ফেচীবাদৰ নীতিৰে দেশ তথা ৰাজ্যৰ শাসনভাৰ চলোৱা ফেচিষ্ট চৰকাৰখনে জনতাৰ দাবী আন্দোলনক আওকাণ কৰি অহাৰ বাবেই আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আদৰ্শ মহাবিদ্যালয়সমূহত পণ্ডিত দীনদয়ালৰ নামত ক’লা ৰং সানে৷

ইয়াৰোপৰি ছাত্ৰ সংগঠনটোৱে বিহালীৰ মহাবিদ্যালয়খনৰ নাম সলনি কৰি 'ছবিলাল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বঙাইগাঁওৰ মহাবিদ্যালয়খনৰ নাম  সলনি কৰি বিশিষ্ট সাহিত্যিক অম্বিকাচৰণ চৌধুৰীৰ নামত 'অম্বিকাচৰণ চৌধুৰী আদৰ্শ মহাবিদ্যালয়', আৰু গোৱালপাৰাৰ মহাবিদ্যালখনৰ নাম 'বিষ্ণুপ্ৰসাদ ৰাভা আদৰ্শ মহাবিদ্যালয়' নামেৰে নামাকৰণ কৰি দিল্লীৰ নেগুৰত ধৰি ফুৰা চৰকাৰ আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠে৷

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰী টুলুঙিয়াতস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় নামৰ মহাবিদ্যালয়খনৰ নাম ছাত্ৰ মুক্তি সংগঠনটোৱে ক'লা ৰং সানি সলনি কৰাত মহাবিদ্যালয় সমিতিয়ে সংগঠনটোৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।