ৰঙিয়াঃ পৰ্যটনৰ কেন্দ্ৰবিন্দু হ’ব ৰঙিয়াৰ ঐতিহাসিক গোপাল মাৰলি থান। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই দেওবাৰে শুভ উদ্বোধন কৰিলে MG NREGA ৰ অধীনত দহ লাখ টকা ব্যায়সাপেক্ষে নিৰ্মান কৰা এটি ৰাজহুৱা পুখুৰী। দহ বিঘা বিস্তৃত এলেকা জুৰা এই পুখুৰীটোত থাকিব নৌকা বিহাৰৰ ব্যৱস্থা।

আনহাতে এই পুখুৰীৰ পৰা লাভ কৰা ৰাজহ ব্যৱহাৰ কৰা হ’ব ঐতিহ্যমণ্ডিত মাৰলি থানৰ উন্নয়নৰ বাবে। আজি ৰঙিয়াৰ স্থানীয় বিধায়কগৰাকীয়ে ৰঙিয়াৰ তুলসীবাৰীৰ মাৰলি থানলৈ দুটি পথৰ আধাৰশিলাও স্থাপন কৰে৷ উল্লেখ্য যে, এই পথ দুটি নিৰ্মাণৰ বাবে ৫ লাখ টকাকৈ চৰকাৰী অনুদান আগবঢ়োৱা হৈছে৷ আধাৰশিলা স্থাপনৰ সময়ত বিধায়কগৰাকীয়ে নিজে ঠেলাৰে মাটি পেলায়৷

এই কাৰ্যসূচীত স্থানীয় ৰাইজ আৰু উন্নয়ন খণ্ডৰ কেইবাগৰাকীকৈ বিষয়া অভিযন্তা উপস্থিত থাকে। দীৰ্ঘদিন ধৰি পথৰ দুৰাবস্থাত ভোগা অঞ্চলবাসীৰ বাবে সুখবৰ কঢ়িয়াই অনাৰ লগতে গোপাল মাৰলি থানৰ বাবে বিধায়কগৰাকীৰ এই পদক্ষেপক লৈ উৎফুল্লিত হৈ পৰিছে ৰাইজ।