খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰিষদীয় গৃহ সমষ্টিৰ তুমপ্ৰেঙত আজি পশ্চিম কাৰ্বি আংলং জিলা সমিটিৰ বিজেপি মহিলা মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যবাহী সভা অনুষ্ঠিত হৈ যায়৷ কাৰ্বি পৰিষদত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত মহিলা মৰ্চা জিলা সমিটিৰ উদ্যোগত আজি প্ৰথমখন কাৰ্যবাহী সভা অনুষ্ঠিত কৰা হয়৷

আজিৰ সভাখনত ২০ নং বৈঠালাংছ’ বিধানসভা সমষ্টিৰ তথা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত থকা কাৰ্বি পৰিষদৰ ৯ টাকৈ পৰিষদীয় সমষ্টিৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকলে অংশ লয়৷ উক্ত জিলা সমিটিখনৰ মহিলা মৰ্চাৰ সভানেত্ৰী মুনমী টেৰনপিৰ সভাপতিত্ব আৰু সম্পাদিকা ৰছলিন তিছ’পিৰ উদ্দেশ্য ব্যখ্যাৰে অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে৷

আনহাতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ সভাপতি অৰুন টেৰাং, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’, পৰিষদীয় সদস্য মংগলছিং তিমুং, পৱন কুমাৰ, ৰীণা টেৰাংপি, মহিলা মৰ্চা ৰাজ্যিক সমিটিৰ উপ সভানেত্ৰী দিপালী হাফিলা, কাৰ্বি পৰিষদৰ পশু পালন বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাস্নু লগতে অন্যান্য মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

সভাৰ ভাষণত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’ই প্ৰসংগ ক্ৰমে কয় যে বিজেপিৰ তৃণমুল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ কৰ্মকৰ্তা আৰু এই জিলাখনত থকা ৰাইজৰ অবিহনে কেৱল কাৰ্বি পৰিষদত থকা মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্যই এই জিলাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি অকলে পূৰন কৰিব নোৱাৰে, আনকি অকলে জিলাখনত উন্নয়ণ আৰু বিকাশ কৰাটোও অসম্ভৱ৷ সেয়ে ৰাইজৰ লগতে দলীয় কৰ্মকৰ্তাৰ সহায় সহযোগৰ সহায়তহে আমি আমাৰ পাৰ্বত্য জিলাত উন্নয়ণ আৰু বিকাশ সাধন কৰিব পাৰিম বুলি কোৱাৰ লগতে আগন্তুক সময়ত ৰাইজৰ সহযোগ কামনা কৰে অমৰছিং তিছ’ই৷

ইফালে পৰিষদীয় সদস্য মংগলছিং তিমুঙেও ভাষণ প্ৰসংগত কয় যে যিদৰে মহিলাৰ অবিহনে ঘৰ এখন চলাটো কঠিন ঠিক একেদৰে মহিলাৰ অৱদান, সহযোগৰ অবিহনে এটা দল, এখন চৰকাৰ আদি পৰিচালনা কৰাটোও কঠিন৷ সেই হেতুকে প্ৰতিখন ক্ষেত্ৰতে মহিলাৰ ভুমিকা, সহায়-সহযোগ থকাটো বাৰুকৈ প্ৰয়োজন আৰু বঞ্চনীয় ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি চৰকাৰখনৰ বাবে৷

আনহাতে সভাত উপস্থিত থকা মুখ্য অতিথি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও আহ্বানজনক উদ্দেশ্যেৰে কয় যে "আমি মহিলাসকলকৰ সহযোগ লৈ পাহাৰীয়া জিলাখনত উন্নয়ণ আৰু বিকাশ কৰি যাম বিজেপি চৰকাৰৰ জৰিয়তে৷" কোনোটো ক্ষেত্ৰতে পিছপৰি থাকিব নিদিও এই জিলাখনক৷ এইটো বছৰৰ ভিতৰতে জিলাখনৰ বিভিন্ন পৰিষদীয় সমষ্টিত বিধ্বস্ত ৰূপত থকা গুৰুত্বপূৰ্ণ পথক পকী পথলৈ ৰূপান্তৰ কৰি ৰাইজৰ প্ৰধান জলন্ত সমস্যা প্ৰথমে দূৰ কৰিম বুলি কয় ৰংহাঙে৷

আনহাতে এইটো বৰ্ষৰ ভিতৰতে কাৰ্বি আংলঙত থকা কাৰ্বি পৰিষদৰ ২৬ টাকৈ পৰিষদীয় সমষ্টিতে ৫০ লাখ টকাকৈ ব্যয় আৱন্টনেৰে একোটাকৈ মহিলাসকলৰ বাবে হস্ততাঁত শিপিনী কেন্দ্ৰ পৰিষদীয় চৰকাৰখনৰ যোগেদি স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰংহাঙে৷ মুঠতে কাৰ্বি আংলঙৰ সৰ্বাংগিন উন্নয়ণৰ বাবে আমি বিজেপি দল তথা চৰকাৰে কথাৰে নহয় কামেৰেহে দিম পৰিচয় বুলি কয় ৰংহাঙে৷