ধিং/বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিভাগ দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বৈকুণ্ঠখ্যাত শ্ৰীশ্ৰী বটদ্ৰৱা থানত পৰম্পৰা অনুসৰি পালন কৰা হয়৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত ভক্তিপূৰ্ণ সেৱা জনাবলৈ আজি ভক্তপ্ৰান তীৰ্থযাত্ৰীৰে লোকাৰণ্য হৈ পৰে বটদ্ৰৱা থান৷ 

পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকল বটদ্ৰৱাত উপস্থিত হৈ শঙ্কৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত দৌল মন্দিৰ, কীৰ্তন ঘৰ, দুই পদশিলা, শিলিখা বৃক্ষ, আকাশী গংগা, সতীৰাধিকা নামঘৰ আদিত সমবেত হয় আৰু ভক্তি নিবেদন কৰে৷ বটদ্ৰৱা থানত পৰম্পৰা অনুসৰি দুপৰীয়া বিশেষ নাম কীৰ্ত্তন সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে ভাগ লৈ হৰি নাম শ্ৰৱণ কীৰ্ত্তন কৰা পৰিলক্ষিত হয়৷ 

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, আইমাতৃ সৱৰ লগতে আজি নগাওঁ জিলা উপায়ুক্ত চমচেৰ সিং পুৱাভাগতে গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়াই সেৱা আগবঢ়ায়৷ ইয়াৰ পিছত উপায়ুক্তগৰাকীয়ে বিভিন্ন স্থানৰ যাত্ৰীসকলৰ লগত একান্ত ঘৰুৱা পৰিবেশত মতবিনিময় কৰি তেওঁলোকৰ সা-সুবিধা আদিৰ বুজ লয়৷ ইয়াৰ পাছত উপায়ুক্তগৰাকীয়ে থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰে লগত থানৰ উণ্নয়নমূলক কাম কাজ সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ অহা ২৯, ৩০ ছেপ্তেম্বৰ আৰু ১ অক্তোবৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰজনাৰ ৫৬৯তম জন্ম জয়ন্তীৰ কাৰ্যসূচী, প্ৰস্তুুতি তথা বিভিন্ন দিশ সন্দৰ্ভতো জিলা উপায়ুক্ত চমচেৰ সিঙে পৰিচালনা সমিতিৰ সতে বিস্তৃত আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে৷

বৰদোৱা থানৰ ওপৰিও বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, স্থানীয় পুথিভড়াল, দাসগাওঁ নামঘৰ আদিটো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে মাধৱদেৱগুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়৷