শোণিতপুৰঃ দুটাকৈ বানৰ কবলত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ লোক হাহাকাৰ কৰিব লগা হৈছিল। জুলাই-আগষ্ট মাহত চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগতে আমাৰ ৰাজ্য খনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰি ইয়াৰ উপ-নৈ সমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে। বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোক ঘৰ-দুৱাৰ উটুৱাই নি বিস্তৰ ক্ষতি সাধন কৰে।

ৰাজ্য খনৰ শ শ  লোকৰ ঘৰ-দুৱাৰ, লৰা-ছোৱালীৰ কিতাপ পত্ৰ, পিন্ধা কাপোৰ আদি উটুৱাই নিয়ে। এসাজ ভাত, এটুপি পানীৰ বাবে বানাক্ৰান্তই ককবকাব লগা হয়। বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হোৱা লোকসকলক ৰাজ্য চৰকাৰে পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হয়। একাংশ দল-সংগঠন ৰাজপথলৈ ওলাই আহি বান সাহায্য প্ৰদানৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়।

ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, আত্মাসহায়ক দলে বানপীড়িত লোকসকলক সহায় কৰিবলৈ ওলাই আহে। ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, আত্মসহায়ক দলে চাকৰিয়াল, ব্যৱসায়ী পথচাৰী আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰি বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰি বানপীড়িতসকলক সহায় কৰে। ইয়াৰ মাজতে ৰাজ্যৰ সংবাদ প্ৰতিষ্ঠান সমূহেও বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহে।

প্ৰতিদিন কাকত গোষ্ঠী, ব্ৰহ্মপুত্ৰ টেলিকমিউনিকেচন প্ৰাইভেট লিমিটেড, প্ৰাগ নিউচ, নিউজ লাইভ আদিয়ে বান পীড়িতক সহায় কৰিবলৈ ওলাই আহে। আজি বানপীড়িতৰ মাজত থিয় দিলে NEWS NEXT ONEৰ পৰিয়াল। গহপুৰৰ বানাক্ৰান্তৰ ওচৰত থিয় দিলে NEWS NEXT ONEৰ পৰিয়ালে৷

ক্ষুদ্ৰ প্ৰয়াসেৰে NEWS NEXT ONEৰ শোণিতপুৰ জিলাৰ কেইবাগৰাকী সাংবাদিকৰ উদ্যোগত পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ পশ্চিম তেজপুৰ আঞ্চলিক সমিতিৰ সহযোগত আজি গহপুৰৰ বান বিধ্বস্ত অঞ্চলত বিনামুলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

গহপুৰৰ কেইবা শতাধিক লোকে চিকি९সা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চাবোন, লৰা-ছোৱালীৰ কিতাপ পত্ৰ আদিয়ো বিতৰণ কৰে। ছাত্ৰ সংগঠন তথা NEWS NEXT ONEৰ পৰিয়ালে অনুষ্ঠিত কৰা বিনামুলীয়া চিকি९সা শিবিৰত তেজপুৰ চিকি९সা মহাবিদ্যালয়ৰ কেইবাগৰাকী চিকি९সকে চিকি९সা সেৱা আগবঢ়ায়।