বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বেজকুছিত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লোহাৰকাঠাৰ পৰা আৰিকুছিলৈ যোৱা পথৰ বেজকুছিৰ দলংৰ তলত পানীত পৰি থকা অৱস্থাত মৃত মহিলা গৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷

প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীক কোনো দুৰ্বৃত্বই নিশাৰ ভাগত ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷ মৃত মহিলা গৰাকীয়ে পৰিহিত কাপোৰৰ অৱস্থালৈ চাই ধৰ্ষণৰ সন্দেহ ঘনীভূত হৈছে স্থানীয় ৰাইজৰ মাজত৷ স্থানীয় লোকে মহিলা গৰাকীক এনে অৱস্থাত প্ৰত্যক্ষ কৰি মুকালমুৱা আৰক্ষী খৱৰ দিয়ে৷

মুকালমুৱা আৰক্ষীয়ে কমাৰকুছি আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপষ্ঠিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মৃতদেহটো চিনাক্তকৰণ কৰিব পৰা নাই৷