11
Sep
2017

Image for Representation
লংকাঃ লামডিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি লামডিং বজাৰৰ জ্যোতি চিনেমা হলৰ সমীপৰ শৰ্মা উপাধিৰ এগৰাকী মহিলাৰ এখন হোটেলত অভিযান চলায়৷
হোটেলখনৰ এটি কোঠাৰ পৰা আৰক্ষীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ লগতে এজন ২৭ বছৰীয়া যুৱকক অসংযত অৱস্থাত আটক কৰে
৷জানিব পৰামতে হোটেলখনৰ মালিক মহিলাগৰাকীয়ে ৫০০ টকাৰ বিনিময়ত হোটেলৰ কোঠা যুৱক-যুৱতীহালক ভাৰালৈ দিছিল৷
মহিলাগৰাকীৰ বিৰুদ্ধে বহু দিনৰে পৰা এই হোটেলখনত ধনৰ বিনিময়ত এনে ধৰণৰ অনৈতিক কাৰ্য্য কলাপ চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
আজি আৰক্ষীয়ে হাতে-লোটে ধৰা পেলোৱা ঘটনাই এই অভিযোগৰ সত্যতা প্ৰমাণিত কৰে৷ হোটেলখনৰ অন্য কোঠাৰ পৰা আৰক্ষীয়ে বিলাতী সুৰাৰ বটলো উদ্ধাৰ কৰিছে৷ লামডিং আৰক্ষীয়ে হোটেলখনৰ মালিকসহ তিনিওজনকে আটক কৰিছে।