
মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰী সমবায় সমিতিৰ ২০১৭-২০১৮ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজি সমবায়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায়। সমবায়টোৰ স্থায়ী সভাপতি হলিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতিৰ আসন গ্ৰহণৰ পাছতে সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই সম্পাদক পৰশুৰাম উপাধ্যায়ে।
সাধাৰণ সভাৰ তৃতীয় কাৰ্যসূচী মতে পুৰণা কমিটিৰ পদত্যাগ আৰু নতুন সঞ্চালক মণ্ডলী গঠন কৰা হয়। যোৱা ১ ছেপ্তেম্বৰত নতুন সঞ্চালক কমিটিৰ সদস্যৰ বাবে আবেদন গ্ৰহণ কৰা আৰু সেইদিনাই উক্ত আবেদন সমূহ পৰীক্ষা কৰি বৈধ হোৱা আবেদনৰ আবেদনকাৰী সকলৰ নামবোৰ আজিৰ সাধাৰণ সভাত ঘোষণা কৰা হয়।
জানিব পৰা মতে, বৈধ হোৱা ১৩ গৰাকী আবেদনকাৰী এইবাৰ সমবায়টোৰ সঞ্চালক মণ্ডলীত বাচনিকৃত হয়। ইয়াৰ পাছতে যোৱা সাধাৰণ সভাৰ কাৰ্যবিৱৰণী আৰু কাৰ্যকৰী কমিটিৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক পৰশুৰাম উপাধ্যায়ে। সমবায়টোৰ প্ৰায় পাঁচশ অংশীদাৰ অংশগ্ৰহণ কৰা উক্ত সভাত ২০১৬-২০১৭ বৰ্ষৰ বিভাগীয় হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, ২০১৬-২০১৭ বৰ্ষৰ আভ্যন্তৰীন হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণ কৰে।
উক্ত সভাতে ২০১৭-২০১৮ বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক আৰু পাৰিতোষিক নিৰ্ধাৰণ কৰা হয়। জানিব পৰা মতে, ডিম্বেশ্বৰ নাথ আৰু গণেশ ছেত্ৰী নামৰ দুজনক সভাই হিচাপ পৰীক্ষক হিচাবে বাচনি কৰে। আজিৰ সভাতে বিশ্বজিৎ শইকীয়া নামৰ এজন শিক্ষিত যুৱকক সমবায়টোৰ কৰ্মচাৰী হিচাবে নিযুক্তি প্ৰদান কৰা হয়। সভাই ২০১৭-২০১৮ বৰ্ষৰ সমিতিৰ বছেৰেকীয়া বিত্ত মঞ্জুৰী অনুমোদন জনোৱাৰ উপৰি ২০১৭-২০১৮ বৰ্ষৰ উৰ্ধ্বতম ঋণ গ্ৰহণৰ ক্ষমতা অনুমোদন জনায়।
আনহাতে সমবায় সমিতিখনে এইবাৰ ঋণৰ উৰ্ধ্বতম ১৫ লাখ টকা ধাৰ্য কৰিছে। শেষত সমজুৱাৰ ভাষণত মিছামাৰী আৰু জীয়াগাভৰু পঞ্চায়তৰ সভাপতি দ্বয় টিকু চুব্বা আৰু তয়াৰাম ছেত্ৰীয়ে ভাষণ প্ৰদান কৰে।
আজিৰ সাধাৰণ সভাত সমবায় বিভাগৰ বিষয়া, কণিষ্ঠ পৰিদৰ্শক ৰাজেন্দ্ৰ নাথ ডেকা, গৰুবন্ধা পঞ্চায়তৰ সভানেত্ৰী পুটু ৰাভা বসুমতাৰী, উপ সভাপতি কাশীনাথ উপাধ্যায়, মিছামাৰী পঞ্চায়তৰ কাউঞ্চিলৰ মায়া থুংগুন, মিছামাৰী জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ইউমান বিশ্বকৰ্মা আৰু অক্ষয় কুমাৰ নাথ, শিক্ষক তোলন চন্দ্র নাথ, ভূৱন দাস, গংগা চুব্বা, মোহন নাথ আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।