
মাজুলীঃ মাজুলীৰ কৃতী শিক্ষয়িত্ৰী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক, বৈষ্ণৱ সাহিত্যৰ চৰ্চা কৰি অহা ধনদা দেৱী বৰুৱাক আজি ৰাইজে সম্বৰ্ধনা জনায়৷
ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰণৰ হকে নিষ্ঠা, ত্যাগ আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই অহা মাজুলীৰ বাসিন্দা তথা যোৰহাট জিলাত কৰ্মৰত কৃতী শিক্ষয়িত্ৰীগৰাকীক আজি যোৰহাট জিলাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।
মাজুলী জিলাৰ ফুলনি কাৰ্কিচুক বৈকুণ্ঠপুৰ নিৱাসী তথা বৰগুৰি জোৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক বগীৰাম বৰুৱাৰ সহধৰ্মিনী ধনদা দেৱী বৰুৱাই কলেজীয়া সময়ৰে পৰা লেখা-মেলাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকাৰ লগতে বিভিন্ন কাকত-আলোচনীত লেখা-মেলা কৰি আহিছিল।
কবিতা, গল্গ, প্ৰৱন্ধ, নাৰীবাদী চিন্তা-চেতনাৰ প্ৰৱন্ধ লিখি আহিছে ধনদা দেবী বৰুৱাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক ধনদা দেৱী বৰুৱাই বৈষ্ণৱ সাহিত্যৰ চৰ্চা কৰাৰ লগতে বিভিন্ন কাকত-আলোচনীত আধ্যাত্মবাদ বিষয়ক লেখা লিখি আহিছে।
যোৰহাট জিলা প্ৰশাসনে চলিত বৰ্ষৰ শিক্ষক দিৱসত জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষয়ত্ৰী ধনদা দেৱী বৰুৱাক কৃতী শিক্ষয়িত্ৰীৰ বঁটাৰেও সন্মানিত কৰিছে। উল্লেখ্য যে, ২০১৭ বৰ্ষত 'কৃতী শিক্ষক'ৰ সন্মান লাভ কৰা ধনদা দেৱী বৰুৱা হৈছে মাজুলী জিলাৰ একমাত্ৰ শিক্ষয়িত্ৰী।