
মাৰ্ঘেৰিটাঃ ৰাজ্যত চৰকাৰীভাৱে পুনৰ শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ১৫-২০ বছৰ চাকৰি কৰা শিক্ষকক পুনৰ পৰীক্ষা দি ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ লগতে বিভিন্ন ডিগ্ৰী ল’বলৈ চৰকাৰে নিৰ্দেশ দি আহিছে৷ ইয়াৰ মাজতে বন্ধৰ দিনটোতো একাংশ শিক্ষকে বিদ্যালয়ত উপস্থিত থাকি কাম কৰিবলগীয়াত পৰিছে।
তাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক শিক্ষকে৷ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপৰ অপ্ৰদেশীকৃত কেইবাখনো বিদ্যালয়ৰ শিক্ষকে শিক্ষা বিভাগে ডি এল এড বাধ্যতামূলক কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
চৰকাৰী শিক্ষকৰ বাবে বিনামূলীয়া ডি এল এডৰ ব্যৱস্থা কৰাৰ বিপৰীতে অপ্ৰদেশীকৃত বিদ্যালয়ৰ শিক্ষকে টকা দি এই ডিগ্ৰী ল'ব লাগিব বুলি ক্ষোভ ব্যক্ত কৰে শিক্ষকসকলে৷
দহৰ পৰা পোন্ধৰ বছৰ নাইবা ততোধিক কাল শিক্ষকতা কৰি থকা সকলৰ বাবে ডি এল এডৰ প্ৰাসংগিকতা ক'ত, শতকৰা নিৰিখ ধাৰণাৰ সৃষ্টি নোহোৱা সময়ৰ পৰা বহু কষ্ট স্বীকাৰ কৰি শিক্ষকতা কৰি অহা শিক্ষকক ৫০ শতাংশ নম্বৰৰ বাবে পুনৰ পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱাৰ যুক্তি ক'ত বুলিও শিক্ষকসকলে প্ৰশ্ন কৰে৷