
মঙ্গলদৈঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনাৰ জনপ্ৰিয়তাই অসমীয়া চলছিত্ৰ জগতত এক নতুন ইতিহাসৰ ৰচনা কৰিছে। অসমীয়া বোলছবি জগতলৈ যেন পুনৰ ঘুৰি আহিছে নব্বৈৰ দশক। ছবিগৃহ সমূহত মানুহৰ লানি নিচিগা সোতে তাক স্পষ্ট কৰি দিছে।
কিন্তু তাৰ মাজতে সোমবাৰে সংঘটিত হোৱা এটা ঘটনাই অস্বস্তিত পেলাইছে মিছন চাইনাৰ পৰিয়ালক। চৈয়ব আখতাৰ নামৰ মঙলদৈৰ যুৱকজনে মিছন চাইনাৰ কিয়দাংশ ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰাৰ পাছতে মিছন চাইনাৰ টিম আৰু জুবিন ফেন ক্লাবৰ মাজত অস্বস্তি বৃদ্ধি পায়। সোমবাৰে নিশাই মিছন চাইনাৰ দলটোৱে জুবিন ফেন ক্লাৱৰ সহযোগত মঙলদৈ আৰক্ষী থানাত এক গোচৰ তৰে।
পৰৱৰ্তী সময়ত সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে যুৱকজনক নিজ বাসগৃহৰ পৰা আটক কৰে। আনহাতে মিছন চাইনাৰ ফুটেজ ইউটিউত আপলোড কৰা সন্দৰ্ভত চৈয়ব আখতাৰ নামৰ যুৱকজলে নিজৰ ভুল স্বীকাৰ কৰে।
আনহাতে আজি মঙলদৈত মিছন চাইনাত অভিনয় কৰা জনপ্ৰিয় অভিনেতা পবিত্ৰ ৰাভা উপস্থিত হৈ এই সন্দৰ্ভত সাংবাদিকৰ সতে মত বিনিময় কৰে। অভিনেতা গৰাকীয়ে সোমবাৰে সংঘটিত হোৱা ঘটনাটোৰ বাবে খেদ প্ৰকাশ কৰি কয় যে ইউটিউব বা ছচিয়েল মিডিয়াত এনেদৰে অনুমতিবিহীন ভাবে ভিডিও ভাইৰেল কৰাটো একপ্ৰকাৰ চাইবাৰ ক্ৰাইম।
আজি ইউটিউবৰ পৰা ভিডিওটো ডিলিট কৰা সময়লৈ প্ৰায় ২৫০০০ হাজাৰ দৰ্শকে ভিডিওটো চাবলৈ সক্ষম হয়। যাৰ ফলত মিছন চাইনাই বহু দৰ্শক হেৰুৱাবলগীয়া হ’ল। তাৰ বাবে ভিডিওটো আপলোড কৰা চৈয়ব আখতাৰ নামৰ যুৱকজনৰ পৰা এক উচিত পৰিমাণৰ ক্ষতিপূৰণ দাবী কৰিছে জুবিন ফেন ক্লাব আৰু মিছন চাইনাৰ পৰিয়ালে।