গুৱাহাটীঃ বছৰ বছ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বন্ধ, ধৰ্ণা, অৱৰোধেৰে উত্তাল হৈ আছে ৰাজ্য৷ কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিছে জনগোষ্ঠীকেইটাই৷ ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল৷ 

বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ ৪ বছৰ পাৰ হ’বৰ হ’ল যদিও আজিলৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা ন’হল৷ বিভিন্ন কাৰণ দৰ্শাই জনগোষ্ঠীকেইটাক আভুৱা ভাৰে জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা দল-সংগঠনক৷ কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীকেইটা ক্ষোভিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে গাদী দখল কৰাৰ পাছত ওলোটা খৰ মাৰি আহিছে বিজেপি চৰকাৰে৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাত বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছয় জনগোষ্ঠীৰ লোকসকল৷ কেন্দ্ৰীয় জনজাতি পৰিক্রমা বিভাগে জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ সাজু নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ 

জনজাতিৰ মৰ্যাদা লাভৰ বাবে প্ৰয়োজনীয় সকলো মাপকাঠী জনগোষ্ঠীকেইটাই পূৰণ নকৰে বুলিও কেন্দ্ৰীয় জনজাতি পৰিক্রমা বিভাগে সদৰী কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ ইমানৰ পাছতো আজিও কেইবাটাও সংগঠনে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ যোৱা কেইবা দশক ধৰি টাই-আহোম জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ দাবীত আজি গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই৷ 

মহানগৰীৰ দীঘলীপুখুৰী পাৰত সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে অৰ্ধ উলংগ হৈ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰাৰ লগতে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি জনজাতিকৰণৰ দাবী জনায়৷ প্ৰতিবাদকাৰীসকলে বিজেপিয়ে গাদীলৈ অহাৰ পূৰ্বে জনজাতিকৰণ কৰাৰ কথা গৈছিল যদিও বিজেপিয়ে এতিয়া মূৰ পোলোকা মৰা বুলি অভিযোগ উত্থাপন কৰে৷

'মৰিলে মৰি যাম, জনজাতিকৰণ কৰি যাম’ শ্ল’গানেৰে দীঘলীপুখুৰীপাৰ উত্তাল কৰি জনাজাতিকৰণ নকৰিলে অসম সচিবালয়ৰ সন্মুখত উলংগ হৈ প্ৰতিবাদ কৰিব বুলিও ঘোষণা কৰে সংগঠনটোৱে৷ আনহাতে অনা-অসমীয়াক বিজেপিয়ে উদগণি দিয়াৰ ফলতেই অসমীয়াক আক্ৰমণ কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷