12
Sep
2017

অভয়াপুৰীঃ আজি বিয়লিৰ ভাগত অভয়াপুৰী ৩১নং (খ) ৰাষ্ট্রীয় ঘাইপথৰ যোগীঘোপা থানাৰ অন্তৰ্গত হৰিপানীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন তীব্র বেগী ট্ৰাকে বাইক সহ আৰোহীক মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী সাহাজাহান আলী।
জানিব পৰা মতে, আজি বিয়লি প্ৰায় ৫ বজাত অভয়াপুৰীৰ সমীপবৰ্তী লেংটিছিঙাৰ সাহাজাহান আলী আৰু তেওঁৰ পত্নী জুলেখা বেগম AS-19D-3947 নম্বৰৰ বাইকেৰে নিজ কৰ্মস্থলী গোৱালপাৰাৰ পৰা আহি থকা অৱস্থাত AS-01DD-8999 নম্বৰৰ তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে৷
ইপিনে সাহাজাহান আলীৰ পত্নী জুলেখা বেগম গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত জুলেখা বেগমক আৰক্ষী আৰু স্থানীয় ৰাইজে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।