নলবাৰীঃ নলবাৰী জিলাৰ ৫৯ নম্বৰ নলবাৰী আৰু ৬১ নম্বৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ সমীপৰ ঐতিহাসিক পকোৱা লক্ষ্মী মন্দিৰৰ ওচৰৰ ভালুকমাৰা জানৰ ওপৰত থকা কাঠৰ দলং খন এতিয়া স্থানীয় ৰাইজৰ বাবে যেন মৰণফান্দলৈ পৰিণত হৈছে।

জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰে বাহঁজানী মৌজাৰ বৃহত্তৰ আজাৰা, দৌকুছি, চান্দকুছিৰ, মাজদিয়া আদি অঞ্চলৰ লগতে পকোৱা মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজে নলবাৰী হৈ গুৱাহাটী লৈ যাতায়ত কৰে। ঐতিহাসিক গুৰুত্ব থকাৰ লগতে বৰ্তমান সময়ত এটা অতি ব্যস্ততাপূৰ্ণ পথ হিচাপে পথটোৱে যিমান গুৰুত্ব পাব লাগিছিল আৰু যিদৰে নিৰ্মাণ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ ওপৰত থকা কাঠৰ দলঙৰ অৱস্থা এতিয়া তেনেই তথৈবচ।

দলঙৰ ওপৰৰ ডাইচবোৰ এৰাই যোৱাৰ ফলত যান-বাহন চলাচল কৰোতে ভিষণ সমস্যাৰ  সৃষ্টি হৈছে ৷ এই খন দলং এতিয়া অঞ্চলবাসীৰ বাবে একোখন মৰণফান্দলৈ পৰিণত হৈছে। এইখন দলঙতে বৰ্তমানলৈকে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও যান-বাহনৰ ক্ষতি সাধন হৈ আহিছে ৷ ফলত স্থানীয় ৰাইজে মৰণফান্দ সদৃশ এই দলংখনেৰে নিতৌ বিপদ সংকুল যাতায়ত কৰিব লগাত পৰিছে৷

এনে পৰিস্থিতিত গড়কাপ্তানি বিভাগে মেৰামতি ব্যৱস্থা কৰিব লাগিছিল যদিও বিভাগীয় বিষয়া কৰ্মচাৰী সকল এতিয়া সম্পূৰ্ণ কুম্ভকৰ্ণ নিদ্ৰাত। ফলস্বৰূপে স্থানীয় ৰাইজ এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে। এই দলংখনৰ  নিৰ্ম্মানৰ দাবী তুলিছে জিলাখনৰ বিভিন্ন দল সংগঠনে৷