ডিব্ৰুগড়ঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ৷ ডিব্ৰুগড় আৰক্ষীয়ে কেইঘন্টামান পুৰ্বে কৃষক অখিল গগৈক গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ নিয়ে বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই৷

ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰম সমিতিয়ে নেতাগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি সফল হ’ব পৰা নাই বুলি জানিব পৰা গৈছে৷ গোলাঘাটৰ নিজ গৃহৰ পৰা জোৰ জুলুম কৈ ডিব্ৰুগ আৰক্ষীয়ে উঠাই অনা বুলি অভিযোগ উত্থাপন হয়। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনসাধাৰণে গণতান্ত্ৰিক দেশত কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

গণতন্ত্ৰক ৰক্ষা কৰিবলৈ সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনাই সংগঠনটোৱে৷ উল্লেখ্য মঙলবাৰে মৰাণৰ এক সমাৱেশত অংশ গ্ৰহণ কৰি চৰকাৰে হিন্দু বাংলাদেশী অসমলৈ আনিলে অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিছিল৷