দেৰগাঁওঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ পাছত প্ৰতিবাদমুখৰ হৈ পৰে দেৰগাঁও৷ ডিব্ৰুগড় আৰক্ষীয়ে কেইঘন্টামান পুৰ্বে কৃষক অখিল গগৈক গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ নিয়া বুলি প্ৰচাৰ হোৱাৰ পাছতে দেৰগাঁৱৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী ৰাজ পথলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰম সমিতিয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি বিনা চৰ্তত অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী জনায়৷ গোলাঘাটৰ নিজ গৃহৰ পৰা জোৰ জুলুম কৈ ডিব্ৰুগ আৰক্ষীয়ে উঠাই অনা বুলি অভিযোগ উত্থাপন হয়। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনসাধাৰণে গণতান্ত্ৰিক দেশত কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।