জয়সাগৰঃ শিৱসাগৰত টাই আহোম যুৱ পৰিষদে ধৰিলে ৩৭জনকৈ সন্দেহজনক লোকক৷ শিৱসাগৰ নগৰত শিশু, কিশোৰ মহিলা তথা সা-সামগ্ৰী সহ সন্দেহজনক ভাবে ঘুৰা ফুৰা কৰি থাকোতেই সন্দেহ  ওপজাত সংগঠনটোৱে সোধপোছ কৰে৷

সোধপোছ কৰাত নাম-ঠিকনা বিৱৰি কব নোৱাৰাত সংগঠনটোৱে ৩৭ গৰাকী লোকক আৰক্ষীক গতাই দিয়ে৷

শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক বাছ আস্থানত আজি সন্ধিয়া ১৫টা শিশু ১২ গৰাকী মহিলা আৰু ১০ জন পুৰুষসহ মূঠ ৩৭জনীয়া দলটোৱে টাই আহোম যুৱ পৰিষদৰ নেতা-কৰ্মীক নথি পত্ৰ দেখুৱাব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ মাজুলীৰ দূৰ্লভ হাজৰিকা নামৰ এজন যুৱকে শিৱসাগৰৰে এটা ইটা ভাটাত শ্ৰমিক হিচাপে নিয়োগ কৰিবলৈ আনিছিল বুলি লোকসকলে প্ৰকাশ কৰে।