
ডিব্ৰুগড়ঃ নিশা ১২ বজাতো উত্তপ্ত হৈ আছে ডিব্ৰুগড় সদৰ থানাৰ ভিতৰ-বাহিৰ। থানাৰ ভিতৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈয়ে আৰক্ষীক প্ৰশ্নবাণেৰে থকা-সৰকা কৰাৰ বিপৰীতে বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে মুকলি কৰি দিয়াৰ দাবীত পৰিৱেশ উত্তাল কৰি তুলিছে।
প্ৰয়োজনত অস্ত্ৰ হাতত তুলি ল’বলৈ আহ্বান জনালেই যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে হোজাইত আৰ এছ এছে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰাতো কি আছিল বুলিও থানাৰ ভিতৰত আৰক্ষীক প্ৰশ্ন কৰে অখিলে। কৃষক নেতাগৰাকীয়ে হোজাইত আৰ এছ এছৰ অস্ত্ৰৰ প্ৰশিক্ষণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ সেই প্ৰশিক্ষণক আত্মৰক্ষামূলক আখ্যা দিব পাৰে বুলিও আৰক্ষীক প্ৰশ্ন কৰে।
উল্লেখ্য যে মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে। এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে।
বুধবাৰে দুপৰীয়াৰ ভাগত অখিলক গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। সেই সময়ত টেলিভিছনত বাতৰি চাই আছিল অখিলে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ঘৰত গেঞ্জী আৰু লুঙী পিন্ধি থকা অৱস্থাতে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি জোৰ-জুলমুকৈ গাড়ীত উঠাই ডিব্ৰুগড়লৈ ৰাওনা হয় আৰক্ষী।
এই সন্দৰ্ভত সন্ধিয়াৰ ভাগত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাক প্ৰশ্ন কৰাত তেওঁ মঙলবাৰৰ সভাত আগবঢ়োৱা মন্তব্যৰ ভিত্তিতে অখিলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে। এনে মন্তব্যক সম্পূৰ্ণৰূপে ৰাষ্ট্ৰ বিৰোধী আখ্যা দি ইয়াৰ সৈতে আন কোনো লোক জড়িত থকাৰ প্ৰমাণ পালে সেইসকলকো তদন্ত প্ৰক্ৰিয়া আগুৱাই নিবৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।