তেজপুৰঃ সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যকাণ্ডৰ প্ৰতিবাদত আজি শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে তেজপুৰ চহৰত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যাকাণ্ডৰ বিচাৰ চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবী উত্থাপন কৰি সাংবাদিক সকলে এক সমদল উলিয়ায়৷ সমদলত অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক ৰাজিৱ দাস, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ লগতে বহু কেইটা সাংবাদিক সংগঠন, জাতীয় সংগঠনৰ নেতা কৰ্মী সকলে কলা বেজ পৰিধান কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

সাংবাদিক সকলে এখন স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ জিলা উপাযুক্তৰ জৰিয়তে প্ৰেৰণ কৰে৷