14
Sep
2017

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ এলেকাধীন বৰহোলাত আজি এটা গলিত মৃতদেহ উদ্ধাৰ হোৱাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-উৰিয়াগাঁও সংযোগী ফ’ৰলেণ্ড বাইপাচৰ পথৰ দাঁতিৰ হাবিৰ মাজৰ পৰা ভাহি অহা দুৰ্গন্ধৰ উৎসৰ পম খেদি সন্ধ্যা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে৷ লগে লগে বেবেজীয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷
সম্পূৰ্ণ উৱলি যোৱা আনুমানিক চল্লিশোৰ্ধৰ এজন পুৰুষৰ মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই যদিও মৃতদেহটো এসপ্তাহমান পূৰ্বৰ বুলি ঠাৱৰ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য, অপৰাধীৰ ৰম্যভুমি হৈ পৰা উক্ত ফ’ৰলেণ্ড বাইপাচছোৱাত বিগত সময়ছোৱাত বহুকেইটা মৃতদেহ উদ্ধাৰৰ দৰে ঘটনা সংঘটিত হৈছে৷ সেয়ে কোনো অজ্ঞাত দুৰ্বৃত্তই হত্যা কৰি নিশাৰ ভাগত মৃতদেহটো সেই স্থানত পেলাই যোৱাৰ সন্দেহ কৰা হৈছে৷