15
Sep
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
গুৱাহাটীঃ আজি বক্সাৰ শিৱ থাপাৰ বিৰুবাৰীস্থিত বাসগৃহত উপস্থিত হয় টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ। এখন তথ্য চিত্ৰৰ সাক্ষাৎ গ্ৰহণৰ বাবে গুৱাহাটীত আহি উপস্থিত হয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ৷ তথ্য চিত্ৰখনত সন্নিবিষ্ট হ’ব শিৱ থাপাৰ জীৱন-যৌৱনৰ কথা৷
অসমৰ সুযোগ্য সন্তান, অৰ্জুন বঁটা প্ৰাপ্ত বক্সাৰ শিৱ থাপাৰ সৈতে সেহৱাগে ৩০ মিনিট সময় ৰেকৰ্ডিং কৰে৷ তথ্য চিত্ৰ খনৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ উপৰিও বিস্ফোৰক বেটছমেনগৰাকীয়ে অসমৰ মাটিত শিৱ থাপাৰ সৈতে অতিবাহিত কৰে বহু সময়৷
আনহাতে শিৱৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ বীৰুৱে বক্সিং খেলুৱৈগৰাকীক উপদেশ তথা শুভেচ্ছা জ্ঞাপন কৰে৷ নিশ্চিতভাৱে তথ্যচিত্ৰখনে অসম সন্তান শিৱ থাপাৰ শৈশৱ-কৈশোৰ তথা খেলুৱৈ জীৱনৰ বৰ্ণিল জীৱনৰ বিভিন্ন দিশ দাঙি ধৰিব বুলি আশা কৰা হৈছে৷