
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সক্ৰিয় ভুৱা ব্লু হোৱেল৷ ব্লু হোৱেল নামৰ কোনো গেম নথকা স্বত্বেও পুনৰ আশংকা কৰা গ’ল ব্লু হোৱেলৰ সম্ভাৱনা৷ এইবাৰ ব্লু হোৱেল গেমৰ চিকাৰ বুলি ধৰা হ’ল এজন অসমীয়া যুৱকক৷
বৃহস্পতিবাৰে সন্ধিয়া শিলচৰৰ এজন কলেজীয়া ছাত্ৰই এটা আট্টালিকাৰ দ্বিতীয় মহলৰ পৰা জপিওৱাৰ মূহুৰ্ততেই স্থানীয় আৰক্ষী উপস্থিত হৈ ছাত্ৰজনক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়ত ছাত্ৰজনৰ বুকুত আৰু হাতত আঘাতৰ চিন দেখা পোৱা গৈছিল৷
আনহাতে ২০ বছৰীয়া যুৱকজন শিলচৰৰ এখন কলেজৰ স্নাত্তোকৰ দ্বিতীয়বৰ্ষৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷ বৰ্তমান ছাত্ৰজন দক্ষিণ অসম শিলচৰ হস্পিতালত চিকিৎসাধীন আৱস্থাত আছে৷ ডাক্টৰে জনোৱা মতে ছাত্ৰজন এতিয়াও সংকটজনক অৱস্থাত আছে৷
আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিতং অনুসন্ধান নকৰাকৈ এয়া কেৱল ব্লু হোৱেল নামৰ এটা মাৰাত্মক গেমৰ কবলত পৰি সংঘটিত হৈছে বুলি আৰক্ষী বিষয়াই মন্তব্য প্ৰকাশ কৰিছে৷
যাৰ ফলত সাধাৰণ লোকসকল নিজৰ পুত্ৰ-কন্যাক লৈ সংকিত হৈ পৰাৰ বিপৰীতে সচেতন মহলে বিষয়টোক লৈ অস্বস্তি প্ৰকাশ কৰিছে৷ কিয়নো ব্লু হোৱেল নামৰ কোনো গেম ক’তো উপলব্ধ নহয়৷