ধিংঃ দিন হাজিৰা কৰি পৰিয়াল চলাইছিল দিলীপ দাসে৷ মাটি-বাৰি, ধন-সম্পত্তী নাথাকিলেও দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে সুখে-দুখে পৰিয়ালটো চলাই আহিছিল দিলীপ দাসে৷ পত্নী, তিনি এমা-ডিমা সন্তানৰ বাবে যঠেষ্ট কষ্টও কৰিছিল দিলীপে৷ পৰিয়ালটোত যেন কাৰোবাৰ চকু হে পৰিল৷

প্ৰায় এবছৰ পুৰ্বে অচিন ৰোগত আক্ৰান্ত হৈ দিলীপৰ পত্নীৰ মৃত্যু হয়৷ পত্নীৰ মৃত্যুৰ পিছত দিলীপে মাতৃহাৰা সন্তান কেইটাক লালন পালন কৰি আহিছে৷ সন্তান কেইটাৰ স্বাৰ্থত পুনৰ বিবাহ নকৰাই সন্তান কেইটাৰ পঢ়া শুনাত গুৰুত্ব দিয়ে দিলীপে৷ কিন্তু বিধিৰ কি বিপাক পত্নীৰ মৃত্যুৰ পাছত এইবাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুৰ ক্ষণ গনিছে দিলীপে৷ চিকিৎসালয়ৰ বিছনাৰ সন্মুখত পিতৃৰ মুখলৈ চাই কান্দিছে তিনি সন্তানে৷ চিকিৎসালয়ত তিনি মাতৃহাৰা সন্তানৰ কান্দোনে কন্দুৱাইছে বহুলোকক৷

মাতৃৰ বিয়োগৰ পাছত তিনি এমা-ডিমা সন্তানক পিতৃয়ে দিনহাজিৰা কৰি পোহপাল দিয়া দুৰ্ভগীয়া দিলীপ এতিয়া চিকিৎসালয়ৰ বিছনাত৷ নগাঁও জিলাৰ ৰাইডঙীয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ তিনি সন্তানক এতিয়া কোনো সান্তনা দিব৷ তিনি সন্তানৰ পিতৃ দিলীপ দাসে ঘৰৰ সকলো কাম বন কৰি সন্তানক আদৰেৰে ৰাখিছিল৷ কিন্তু দিলীপ দাস এতিয়া বিছনাত৷ পৰিয়ালটোলৈ পুনৰ ঘোৰ অন্ধকাৰ নামি নাহিল।

তিনিমাহ ধৰি জটিল ৰোগত অাক্ৰান্ত হৈ চিকিৎসাৰ বাবে বিক্ৰী কৰিছে ঘৰৰ টিন পাত পৰ্য্যন্ত। গাঁৱৰ যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত অাগবঢ়াইছে যদিও দিলীপক সুস্থ হৈ উঠিবলৈ প্ৰয়োজন বহু টকাৰ৷ তিনি সন্তানৰ মুখলৈ চাই নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰে যুজ দিয়া পিতৃ দিলীপক সহায় কৰিব কোনে। ৰাইডঙীয়াৰ ৰাইজে পাৰ্য্যমানে সহায় কৰাৰ দৰে দিলীপক আপুনিও সহায় কৰিব পাৰে৷

ৰাইডঙীয়াৰ ৰাইজে চৰকাৰ, দল-সংগঠন তথা হৃদয়বান ব্যক্তিক দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবৰ বাবে আহ্বান জনায়৷ দিলীপ দাসৰ অসম গ্ৰামীন বিকাশ বেংকৰ ৰাইডঙীয়া শাখাত থকা ৭২৫৯০১০০১১১৪৯ নম্বৰৰ চেভিংচ একাউন্টযোগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাই ৰাইডঙীয়াৰ ৰাইজে।