15
Sep
2017

ডিব্ৰুগড়ঃ নিৰ্ভুল নাগৰিকপঞ্জীৰ বাবে আজি টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সমূহৰ সহযোগত শিৱসাগৰত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷
নাগৰীকপঞ্জী প্ৰস্ততকৰণত যাতে কোনো খিলঞ্জীয়া বাদ নপৰে আৰু কোনো অবৈধ বাংলাদেশী যাতে অন্তৰ্ভূক্ত নহয়, তাৰ বাবে সতৰ্ক হ’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় টাইপা আৰু আন আন দল সংগঠনে৷
স্মাৰক পত্ৰ প্ৰদান কৰা সময়ত টাইপাৰ কেন্দ্ৰীয় সমিতি সভাপতি হেমন্ত চাংমাইৰ লগতে শিৱসাগৰ জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি শৈলেন চাংমাই উপস্থিত থাকে।