
তামুলপুৰ/চৰাইদেউঃ আছুৰ আহ্বানত হাতে হাতে জোঁৰলৈ ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ অসম চুক্তি ৰূপায়ন, ভাৰত বাংলাদেশ সীমান্ত ছীল, অবৈধ হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে ৰাজ্য জুৰি আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আছুৰ প্ৰতিবাদত উত্তাল হ’ল বাক্সা জিলাৰ তামুলপুৰ অঞ্চল৷
তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত ওলাই অহা কেইবা শতাধিক লোকে জোৰ সমদল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ভাৰত বাংলাদেশ সীমান্ত ছীল কৰক, বিদেশী বহিস্কাৰ কৰক, ১৯৭১ চনৰ পাছৰ হিন্দু বাংলাদেশীক সংস্থাপন দিব দিয়া নহ’ব, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় শ্ল’গান দি আকাশ-বতাহ কপাই তোলে।
আনহাতে চৰাইদেউতো আছুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জোঁৰলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰাইদেউ জিলাৰ ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবাশতাধিক লোকে আকাশ বতাহ কপাই সীমান্ত ছীল কৰক, বিদেশী বহিস্কাৰ কৰক, ১৯৭১ চনৰ পাছৰ হিন্দু বাংলাদেশীক সংস্থাপন দিব দিয়া নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে৷