The North
The North

নলবাৰীঃ ক্ষমতাৰ ৰাগীয়ে এতিয়া মূৰত ধৰিছে একাংশ বিজেপি নেতা-কৰ্মীৰ৷ ৰাজ্যৰ উচ্চবৰ্গীয় নেতৃবৃন্দৰ ময়মতালি স্বভাৱ প্ৰত্যক্ষ কৰি এতিয়া তৃণমূল বিজেপি নেতা-কৰ্মীৰো আৰম্ভ হৈছে ক্ষমতাৰ অপপ্ৰয়োগ৷ কেন্দ্ৰ আৰু ৰাজ্য সকলোতে বিজেপি চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত এতিয়া বিজেপি নেতা-পালিনেতাৰ মনত বৃদ্ধি পাইছে ‘কোনে কি কৰিব পাৰে’ ধৰণৰ মনেভাৱ৷ যাৰ পৰিনতিতে আত্মহননৰ দৰে পথ বাচি লবলগীয়া হ’ল এজন সাধাৰণ নাগৰিকে৷

প্ৰাপ্ত অভিযোগ অনুসৰি, নলবাৰী জিলাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰত বিজেপি কৰ্মীৰ অত্যাচাৰত এজন লোকে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এই ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জনিব পৰা মতে, বৰনদ্দীৰ চুৰচুৰি গাঁৱৰ অনন্ত হাজৰিকা (৫৬) নামৰ ব্যক্তি গৰাকীয়ে বৃহস্পতিবাৰে চিপজৰী লৈ আত্মহত্যা কৰে৷ হাজৰিকাই একাংশ বিজেপি কৰ্মীৰ উৎপীড়ন সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে৷

প্ৰাপ্ত অভিযোগ মতে, বৰনদ্দীৰ চুৰচুৰি গাঁৱৰ এটা পথ মেৰামতিৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী পাটোৱাৰীৰ ঘনিষ্ঠ ৫ জন বিজেপি কৰ্মীয়ে৷ তাৰ পিছত নিৰ্মাণকাৰীয়ে যোৱা দেওবাৰে এই পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰি এখন ফলত আঁৰে৷ কিন্তু ফলকখনৰ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাত ফলকখন মাটিত বাগৰি পৰে৷ পাছত এই দৃশ্য প্ৰত্যক্ষ কৰে অনন্ত হাজৰিকাই৷

যাৰ ফলত ফলকখন তেওঁ ভঙা বুলি উদণ্ড বিজেপি কৰ্মীকেইজনে আক্ৰমন কৰে৷ আনহাতে বিজেপি কৰ্মীকেইজনে তাতেই ক্ষান্ত নাথাকি লোকজনক মানসিক নিৰ্যাতনো চলাবলৈ আৰম্ভ কৰে৷ এনে নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত অনন্ত হাজৰিকা নামৰ ব্যক্তি গৰাকীয়ে আত্মহননৰ দৰে পথ বাছি লবলৈ বাধ্য হয় বুলি অভিযোগ কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে৷ সম্প্ৰতি ধৰ্মপুৰ সমষ্টিত একাংশ উগ্ৰ বিজেপি কৰ্মীৰ বাবে সাধাৰণ লোকৰ নিৰাপত্তা নোহোৱা কথাটোত সমগ্ৰ জিলাখনত আতংকৰ সৃষ্টি  হৈছে৷

আনহাতে বিজেপি কৰ্মীৰ নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰা অনন্ত হাজৰিকা এজন সৎ, নিষ্ঠাবান আৰু আত্মমৰ্যদা সম্পন্ন ব্যক্তি আছিল বুলি অঞ্চলবাসীয়ে জনায়৷ আনকি যোৱা নিৰ্বাচনত তেঁও বিজেপি দলৰ হৈ যথেষ্ট কষ্ট কৰিছিল বুলিও জানিবলৈ পোৱা গৈছে। ইফালে ঘটনাটোৰ ন্যায়িক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিবলৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে৷ তদুপৰি দুৰ্ভগীয়া পৰিয়ালটোৰ দায়িত্ব লৈ ১০ লাখ টকাৰ তৎকালীন সাহায্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তুলিছে বিভিন্ন দল-সংগঠনে।